বিশ্বব্যাপী ত্ৰাস সৃষ্টিকাৰী ক’ভিড-১৯ ভাইৰাছ সংক্ৰমণৰ পৰা অসমৰ জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে সাম্ভাব্য সকলো পদক্ষেপ গ্ৰহণ কৰা সামান্তালভাৱে চৰকাৰে এই প্ৰতিকূল ক্ষণত বিভিন্ন জনৰ পৰা পাৰ্যমানে এধানি সহায়ৰ হাত আহ্বান জনোৱাৰ পাছত ৰাজ্যৰ গাও- চহৰকে প্ৰমুখ্যে কৰি বহি:ৰাজ্য, বিদেশত বসবাস কৰা মুঠ ৭১২৩ গৰাকী লোকে (শনিবাৰলৈকে) আৰ্থিক সাহাৰ্য্য আগবঢ়াই চৰকাৰৰ পদক্ষেপ সমূহক অধিক সবল কৰি তুলিছে ৷ জনসাধাৰণলৈ চৰকাৰে আগবঢ়োৱা এই পদক্ষেবোৰলৈ ‘অসম আৰোগ্য নিধি’ৰ বেংক একাউণ্টত জৰিয়তে এইসকল ব্যক্তিয়ে আৰ্থিক বৰঙণি প্ৰদান ক’ভিড-১৯ ৰ বিৰুদ্ধে চলি থকা যুজঁ খনত সমভাগি হৈছে | উল্লেখ্য য ১০ দিন পূৰ্বে ৰাজ্য চৰকাৰে অসম আৰোগ্য নিধি আঁচনিৰ জৰিয়তে বেংক একাউন্ট প্ৰকাশ কৰাৰ পাছত শনিবাৰৰ দুপৰীয়া পৰ্যন্ত প্ৰায় ১৫ কোটি টকাৰ জমা হৈছে বুলি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে | তেওঁ কয়, ‘বৰ্তমানলৈকে ৭১২৩ গৰাকী সদাশয় ব্যক্তিয়ে আৰ্থিক সাহাৰ্য্যৰে সহায়ৰ হাত আগবঢ়াইছে | এই সদাশয় ব্যক্তিৰ ওচৰত আমি চিৰ কৃতজ্ঞ।”
১০ দিনত অসম আৰোগ্য নিধিত ১৫ কোটি টকা জমা :ক’ভিড-১৯ৰ বিৰুদ্ধে যুজঁ দিবলৈ বৰ্তমানলৈ ৭১২৩ গৰাকী লোকৰ বৰঙণি
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONAVIRUSHimanta Biswa Sarma
Related Content
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
By
publisher
April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
By
publisher
April 24, 2026
Moral policing incident in Dergaon:দেৰগাঁৱত ম'ৰেল পুলিচিঙৰ ঘটনা
By
publisher
April 24, 2026
Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
By
publisher
April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
By
publisher
April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
By
publisher
April 24, 2026