সম্প্ৰতি কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ জনসাধাৰণৰ মাজত কৰ’নাতংকৰ সমান্তৰালভাৱে ৰজা প্ৰজা সকলোৱেই কৰ’না পীড়িতলৈ আৰ্থিক সাহাৰ্য আগবঢ়াইছে। পিছ পৰি থকা নাই বলীউডৰ ষ্টাৰ ছুপাৰষ্টাৰসকলো ৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে শেহতীয়াকৈ কৰ’নাত আক্ৰান্ত ৰোগীসকললৈ দিছে আৰ্থিক সাহায্য ৷ শ্বাহৰুখৰ এই মহানুভৱতাক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ উপৰিও পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰশংসা কৰিছে ৷
বলীউডৰ এগকাৰী প্ৰসিদ্ধ অভিনেতা অনুপম খেৰ সদায় চৰ্চাৰ শীৰ্ষত থাকে ৷ কাৰণ সমাজৰ যিকোনো প্ৰসংগক লৈ ছ’চিয়েল মিডিয়াত সততে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থাকে অনুপম খেৰে। এনে সময়তে অনুপম খেৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটি ভিডিঅ’ ৷ কৰ’না ভাইৰাছৰ দৰে মহামাৰীৰ আতংকৰ সময়ত দেশৰ স্বাৰ্থত কৰ্মত আত্মনিয়োগ কৰি চিকিৎসক,নাৰ্চ,চাফাই কৰ্মী,আৰক্ষীসকলৰ সন্দৰ্ভত অভিনেতাজনে কয় যে এইসকল আমাৰ দেশৰ প্ৰকৃত নায়ক ৷
অৱশেষত কৰ’নাৰ পৰা মুক্ত হ’ল বলীউডৰ গায়িকা কনিকা কাপুৰ ৷ সকলো পৰীক্ষা নিৰীক্ষাৰ অন্তত কনিকা কাপুৰৰ শৰীৰত সম্প্ৰতি চিকিৎসকে ক’ভিড ১৯ ত নাই বুলি নিশ্চিত কৰে ৷ ইয়াৰ পিছতে কনিকা কাপুৰৰ পৰিয়ালে স্বস্তিৰ নিশ্বাস পেলাই ৷ কিন্তু কৰ’নাৰ পৰা কনিকা কাপুৰে মুক্তি পালেও অনাগত কেইবাদিনো চিকিৎসালয়তে থাকিব লাগিব বুলি জনায় চিকিৎসকে ৷