কৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হ’ল ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন ৷ প্ৰচণ্ড জ্বৰত ভোগা প্ৰধানমন্ত্ৰী বৰিছ জনছনক দেওবাৰে চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ ইফালে বিগত ২৭ মাৰ্চত বৰিচ জনছনৰ শৰীৰত কৰ’না ভাইৰাছৰ লক্ষণ ধৰা পৰিছিল ৷ইয়াৰ পিছত কোৱাৰেন্টাইনত আছিল বৰিছ জনচন ৷ কিন্তু শেহতীয়াভাৱে প্ৰচণ্ড জ্বৰত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়েই চিকিৎসালয়ত ভৰ্তি হয় বৰিছ জনছন ৷ ইফালে বৰিছ জনচনৰ পত্নী ক্যেৰি চাইমণ্ডচৰ শৰীৰত ক’ভিড ১৯ ধৰা পৰিছিল যদিও বিগত সময়ত তেওঁ সুস্থ হৈ উঠে ৷
ADVERTISEMENT