যি সময়ত সমগ্ৰ বিশ্বই ক’ভিড- ১৯ ৰ সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে,তাৰ সমান্তৰালকৈ অসমৰ স্বাস্থ্য বিভাগেও ৰোগী সকলক লৈ অতিকৈ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক,নাৰ্চ,স্বাস্থ্য কৰ্মী,চাফাই কৰ্মীসকলে বিগত সময়ত ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। কিন্তু আশ্বৰ্য্যজনক কথা যে- ৰোগী সকলক চিনাক্ত কৰাৰ ক্ষেত্ৰত অসমত বিশেষ ভূমিকা পালন কৰা আশা কৰ্মী, এ এন এম আৰু এম পি ডব্লিও স্বাস্থ্য কৰ্মী সকলে কোনো ধৰনৰ ৰোগ প্ৰতিৰোধী সামগ্ৰী নোহোৱাকৈ অতি বিপদজনক ভাৱে নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পাদন কৰিবলগীয়া হৈছে।
অভিযোগ অনুসৰি অ-বিভক্ত নগাঁও জিলাৰ এঘাৰটা ব্লক পি এচ চিৰ অধীনৰ ৩৫৭ টা উপ স্বাস্থ্য কেন্দ্ৰত নিয়োজিত এ এন এম নাৰ্ছ,আশা কৰ্মী আৰু এম পি ডব্লিও স্বাস্থ্য কৰ্মী সকলে বৰ্তমান পৰ্যন্ত লাভ কৰা নাই সুৰক্ষিত মাস্ক, হেণ্ড গ্ল’ভচ আৰু চেনিটাইজাৰ ৷ কিছুদিন পূৰ্বে প্ৰতিটো স্বাস্থ্য উপকেন্দ্ৰলৈ ১০ খন কৈ কেৱল মাস্ক দি দায়িত্ব সামৰা নগাঁও জিলা স্বাস্থ্য বিভাগে স্বাস্থ্য কৰ্মী সকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত হেমাহি কৰাৰ অভিযোগ উঠিছে। লগতে এ এন এম, আশা কৰ্মী, এম পি ডব্লিউ সকলক সুৰক্ষা কৱচ নোহোৱাকৈ মহাব্যাধী কৰ’না ভাইৰাছৰ বিৰুদ্ধে কাম কৰিবলৈ দিয়া কাৰ্যক সহজ ভাৱে লব পৰা নাই জিলা খনৰ সচেতন নাগৰিকৰে । এই ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰীজনৰ হস্তক্ষেপ দাবী জনাইছে জিলা খনৰ এ এন এম, আশা কৰ্মী, এম পি ডব্লিউ সকলে৷ তাৰোপৰি, জিলা খনৰ বিভিন্ন ঠাইত অনুকূল পৰিৱেশত নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব সম্পাদন কৰা এই স্বাস্থ্য কৰ্মী সকলৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতিও নজৰ দিবলৈ দাবী জনাইছে নগাঁওবাসীয়ে।






























