ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ যুঁজত সহায় হোৱাকৈ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেট এক নজিৰবিহীন পদক্ষেপ গ্ৰহণ কৰে ৷ এক অধ্যাদেশ জাৰি কৰি কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদসকলৰ দৰমহা এবছৰৰ বাবে ৩০ শতাংশ হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সম্প্ৰতি অধ্যাদেশ জাৰি কৰা হয় আৰু সংসদৰ অধিবেশন আৰম্ভ হ’লে এই সম্পৰ্কীয় আইন গৃহীত কৰা হ’ব ৷ কেবিনেটে দেশৰ সকলো সাংসদৰে স্থানীয় অঞ্চল উন্নয়ন পুঁজি দুবছৰৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত লয় ৷ এই ধনখিনি কেন্দ্ৰীয় পুঁজিলৈ হস্তান্তৰ কৰা হ’ব ৷ ২০২০-২১ আৰু ২১-২২ বিত্তীয় বৰ্ষৰ বাবে সাংসদ পুঁজিৰ পৰিমাণ হ’ব প্ৰায় ৭৯০০ কোটি টকা ৷
ইফালে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱৰেকাৰে সাংবাদিকৰ আগত কয় যে ৰাষ্ট্ৰপতি ৰামনাথ ক’ৱিন্দ,উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডু আৰু বিত্তীয় ৰাজ্যৰ ৰাজ্যপালসকলে ৩০ শতাংশ দৰমহা কৰ্তনৰ বাবে ইচ্ছা প্ৰকাশ কৰে ৷ চলিত মাহৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব ৷ আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি কৰ্মীসকলক এক দীঘলীয়া যুদ্ধৰ কাৰণে সাজু হ’বলৈ কয় ৷ লগতে তলাবন্ধ প্ৰত্যাহাৰ কৰা সন্দৰ্ভত জাৱৰেকাৰে কয় আমি পৰিস্থিতি প্ৰতি মিনিটতে নিৰীক্ষণ কৰি আছে ৷ ৰাষ্ট্ৰীয় স্বাৰ্থৰ হকে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷ ইপিনে কেৰেলা, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, ওড়িছা আৰু ৰাজস্থান চৰকাৰৰ সকলো কৰ্মচাৰীয়ে এমাহৰ দৰমহা কৰ্তন কৰি দুৰ্যোগ সহাঁৰি পুঁজিলৈ অৰিহনা যোগাইছে ৷