তবলিগি জামাতৰ আত্মগোপনকাৰীক কঠোৰ শাস্তি দিয়া হ’ব: মুখ্যমন্ত্ৰী

IMG 20200406 WA0079 1

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নগাঁও, মৰিগাঁও, হোজাই এই তিনিখন জিলাৰ ক’ৰনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থাৱলী তাক পৰ্যবেক্ষণ কৰে । তিনিও খন জিলা ভ্ৰমণ কৰি তেওঁ জিলা প্ৰশাসন, স্বাস্থ্য আৰু অন্যান্য বিভাগৰ মুৰব্বীসকলৰ লগত আলোচনাত মিলিত হয়। নগাওঁত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা কৰি  সাংবাদিকৰ আগত কয় যে ক’ৰনা ভাইৰাছে যি এক অন্ধকাৰ পৰিবেশৰ সৃষ্টি কৰিছে তাৰ পৰা মুক্ত হ’বলৈ সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব । ইয়াৰ বাহিৰে কোনো বিকল্প নাই । তলাবন্ধ কাৰ্যসূচী মানি চলিবলৈ সোণোৱালে ৰাইজক আহ্বান জনায়।

মৰিগাঁৱতো মুখ্যমন্ত্ৰীয়ে এক সংবাদমেল সম্বোধন কৰি দিল্লীৰ নিজামুদ্দিনৰ তবলিগি জামাতৰ পৰা আহি আত্মগোপন কৰি থকা লোকক শীঘ্ৰে স্বাস্থ্যবিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায়। অন্যথা তেনে লোকক কঠোৰ শাস্তি দিব বুলি সকীয়াই দিয়ে । স্বাস্থ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুছ হাজৰিকাক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে কয় দুয়োৱে বহুত কষ্ট স্বীকাৰ কৰি দিনে নিশাই কাম কৰিছে। লগতে উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক সজাগ থাকিবলৈ নিৰ্দেশ দিয়ে ।

হোজাইত উপস্থিত হৈ জিলাখনৰ বাবে ক’ভিড কিউ চেক নামৰ এটা এনড্ৰ’ইড এপ এটা মুকলি কৰে । জিলাখনত হোম কোৱাৰেন্টাইনত থকা ২,৬৪১জন লোকৰ ক’ৰনা সন্দৰ্ভত শেহতীয়া তথ্য আপলোড কৰিব পৰাকৈ এই এপ টো মুকলি কৰা হয় । জিলা খনত নিয়োজিত ৬৯৩গৰাকী আশাকৰ্মীয়েও এই এপ টো ব্যৱহাৰ কৰিব পাৰিব ।

Exit mobile version