নগাঁও জিলাৰ ক্ষুদ্র চাহ খেতিয়ক গভীৰ সংকটৰ সন্মুখীন

অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়াই অহা তথা লক্ষ লক্ষ পৰিয়ালৰ আর্থিক সম্বল ৰূপে পৰিগণিত হোৱা ক্ষুদ্র চাহ খেতিয়ক সকলে সম্প্ৰতি গভীৰ সংকটৰ সন্মুখীন হৈছে। কৰ’নাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দেশব্যাপী আহ্বান জনোৱা সৰ্বাত্মম তলাবন্ধৰ ফলত দেশৰ অন্যান্য উদ্যোগ সমূহৰ লগতে অসম বৃহৎ সংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কে মূৰে কপালে হাত দিছে। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে নগাঁও জিলাৰ প্ৰায় ১৮০০ খন ক্ষুদ্ৰ চাহ বাগিচা এই সংকটৰ সন্মুখীন হৈছে।

ADVERTISEMENT

সম্প্ৰতি সৰ্বাত্মক বন্ধৰ পৰিপ্ৰেক্ষিতত ক্ষুদ্ৰ চাহ বাগিচা সমূহো বন্ধ হৈ পৰাত কেঁচা চাহ পাতবোৰ দীঘল হৈ পৰিছে। দ্বিতীয়তে, বৰ্তমান বৰষুণৰ অভাৱত ক্ষুদ্র চাহ বাগিচা সমূহৰ মাটি শুকাই যোৱাত  আৰু কৃত্ৰিম ভাৱে পানী যোগানৰ সুবিধা কৰিব নোপোৱাত একাংশ চাহ বাগিচাৰ ঠায়ে ঠায়ে গছবোৰ শুকাই যোৱা পৰিলক্ষিত হৈছে। তাৎপৰ্যপূৰ্ণ কথা যে, এই সময়ছোৱাত চাহ গছ বোৰত বহু কীত পতংগই ব্যাপক ক্ষতি সাধন কৰে। এই অনিষ্ট সাধনৰ পাছতো ঔষধ আদি স্প্ৰে কৰিব পৰা নাই ক্ষুদ্ৰ চাহ খেতিয়ক সকল।

অন্যহাতে, সম্প্ৰতি ৰাজ্য চৰকাৰে চাহ খেতিয়ক সকলক বাগিছা সমূহ পৰিচালনা কৰাৰ বাবে সৰ্বাত্মক বন্ধৰ পৰা কিছু ৰেহাই ঘোষণা কৰিছিল যদিও নগাঁও জিলাৰ উপায়ুক্তই ৰেহাই নিদিয়াৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ঔষধ আদি ক্ৰয় কৰিব নোৱাৰি ঘৰতে চটফটাই আছে।

Exit mobile version