পুনৰ ক’ৰনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে চীনত। কেৱল য়ুহান বা হুৱেইতে সীমাবদ্ধ নাথাকি এই ভাইৰাছে এইবাৰ গতি কৰিছে চীনৰ বিভিন্ন প্ৰান্তলৈ ।তথ্য অনুসৰি, এইবাৰ হুৱেই অতিক্ৰম কৰি ক’ৰনাৰ সংক্ৰমণ আৰম্ভ হৈছে চীনৰ মূল ভূ-খণ্ডত। চীনৰ চৰকাৰী হিচাপত এই পৰ্যন্ত ৮১ হাজাৰ ৬৬৯ জন আক্ৰান্ত হৈছে। সেইদৰে মৃতকৰ তুলনাত ৩,৩২৯ জনলৈ বৃদ্ধি পাইছে। দুয়ো সংখ্যাই আগৰ তুলনাত বৃদ্ধি পোৱাৰ কাৰণ হৈছে ক’ৰনাই চীনৰ উত্তৰ আৰু উত্তৰ -পূৱৰ জনবহুল প্ৰদেশ সমূহলৈ। গুৱাংডং আৰু শ্বেনঝেন চহৰত ১০-১২জন নতুন আক্ৰান্তৰ সন্ধান পোৱা গৈছে ।
যোৱা শনিবাৰ পৰ্য্ন্ত সমগ্ৰ চীনৰ পৰা ৩০জনকৈ নতুন আক্ৰান্তৰ তথ্য পোহৰলৈ আহিছে । এই বাতৰি সদৰী হোৱাৰ লগে লগে সমগ্ৰ চীনত হাহাকাৰ আৰু হতাশাৰ আৰম্ভ হৈছে । নতুনকৈ আক্ৰান্তৰ সকলৰ ভিতৰত 25জন লোক শেহতীয়াকৈ বিদেশৰ পৰা চীনলৈ উভতিছিল বুলি চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে জনাইছে । অৱশ্যে যোৱা দেওবাৰে চীনৰ মূল ভূখণ্ডত আক্ৰান্তৰ সংখ্যা ৪৭জনলৈ বৃদ্ধি পায়।