ক’ৰনা সংক্ৰমণৰ প্ৰতিশোধ ল’বলৈ টিক্ টক সহ চীনা সামগ্ৰী বৰ্জনৰ আহ্বান 

tik tok 25 09 2019

টুইটাৰত শেহতীয়াভাৱে জনপ্ৰিয় হৈছে ‘হেশ্বটেগমেকচাইনাপে’ আৰু ‘হেশ্বটেগচাইনালাইদপিপ’ ‘নামেৰে দুটা চীন বিৰোধী অভিযান। বিশ্বজুৰি মাৰাত্মক ক’ৰনা ভাইৰাছ চীনে বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰি ইণ্টাৰনেট ব্যৱহাৰকাৰী সকলে চীন বিৰোধী অভিযান ব্যাপক কৰি তুলিছে । চীনৰ হুৱেই প্ৰদেশৰ উহানত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰথম ধৰা পৰিছিল । পিছলৈ এই ভাইৰাছ বিধে বিশ্বৰ দুশখনত কৈও অধিক দেশ আক্ৰান্ত হৈছে। এই মাৰাত্মক ক’ৰনা ভাইৰাছ চীনৰ গৱেষণাগাৰত তৈয়াৰ কৰা এক জৈৱিক অস্ত্ৰ বুলিও বিশ্বৰ প্ৰায়বোৰ দেশে অভিযোগ কৰিছে । চীনে এই মাৰাত্মক বীজাণু বিশ্বজুৰি বিয়পাই দিয়াত চীনক কঠোৰ শাস্তি বিহিবলৈ ইণ্টাৰনেটৰ জৰিয়তে চীন বিৰোধী এক অভিযান আৰম্ভ কৰিছে ইণ্টাৰনেট ব্যৱহাৰকাৰী সকলে । এই অভিযানৰ জৰিয়তে চীনত উৎপাদিত সকলোবোৰ সা-সামগ্ৰী বিশ্ববাসীক বৰ্জন কৰিবলৈ আহ্বান জনোৱা হৈছে।

‘টিকটক’ সহ চীনত উৎপাদিত  সা-সামগ্ৰী বৰ্জন কৰিলে চীনে আৰ্থিক ভাৱে যথেষ্ট ক্ষতিগ্রস্ত হ’ব বুলি যুক্তি দৰ্শাই চীনক এশিকনি দিবলৈ পৰামৰ্শ আগবঢ়াইছে। ‘টিকটক’ৰ দৰে ম’বাইল এপ ভাৰতীয়সকলে ব্যৱহাৰ বন্ধ কৰিলে চীন আৰ্থিক দিশত যথেষ্ট ক্ষতিগ্রস্ত হ’ব বুলিও ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে যুক্তি আগবঢ়াইছে। এই এপ টোৰ বিশ্বজুৰি ৮০০নিযুত লোকে ব্যৱহাৰ কৰি আছে আৰু ইয়াৰে অধিকাংশই ভাৰতীয় । ভাৰতীয় সকলে দৈনিক ৫২মিনিট সময় ‘টিকটক’ ব্যৱহাৰ কৰি আহিছে।

চীনে প্ৰণোদিত ভাৱেই ক’ৰনা ভাইৰাছ বিশ্বৰ আন দেশলৈ সংক্ৰমিত কৰিছিল সেইয়া এতিয়া স্পষ্ট হ’বলৈ ধৰিছে। চীনে ইচ্ছা কৰিয়ে সমগ্ৰ বিশ্বত এইদৰে ভয়াবহ বিপদলৈ ঠেলি দিলে । এই অপকৰ্মৰ বাবে চীনক যুদ্ধৰে নহয়, অৰ্থনৈতিক ভাৱে শাস্তি বিহাতো জৰুৰী হৈছে বুলি ইণ্টাৰনেট ব্যৱহাৰকাৰী সকলে যুক্তি দৰ্শাইছে । শেহতীয়াকৈ টুইটাৰত ‘হেশ্বটেগবয়কটটিকটক’ আৰু ‘ হেশ্বটেগবয়কটচাইনিজপ্ৰডাক্ট’ শিৰোনামেৰে চীন বিৰোধী অভিযানো জনপ্ৰিয় হৈছে।

Exit mobile version