বিশ্বব্যাপী কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ চৰকাৰে দিয়া ২১ দিনীয়া তলাবন্ধৰ সময়ত ছোৱাত সকলোৱে এখন কচুঁ, ঢেকীয়া, পচলা, ৰঙালাও, ভেদাইলতাৰে সমৃদ্ধ শাকনিবাৰীৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে । ব্যতিক্ৰম নহয় নগাঁৱৰ বাসিন্দাসকল ৷ কাৰণ লকডাউনৰ সময়ত প্ৰায়বোৰ বজাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত শাক পাচলিৰ অভাৱত ভূগিছে ৰাইজ ৷ কিন্তু লকডাউনৰ সময়ত নগৰাঞ্চলতকৈ গাঁৱৰ লোকসকলৰ জিভাৰ জুতি সম্প্ৰতি পৰিৱৰ্তন কৰি পেলাইছে । কাৰণ আজি কিছুদিনৰ আগলৈকে এলাগী হৈ থকা বাৰীৰ কচু, ঢেকীয়া, পচলা, ৰঙালাওৰ আগ, জাতি লাওৰ আগ, কলডিল, ভেদাইলতা, মানিমুনি, নৰসিংহ, মধুশুলেং, মচন্দৰী, খুতুৰা, অমিতা আদিৰ গুৰুত্ব বাঢ়িছে কিছু সংখ্যক ঠাইত ৷ এটা সময়ত ভেদাইলতাৰ গোন্ধটোৰ কাৰণে এইবিধ শাকক স্পৰ্শ কৰিবলৈ ইচ্ছা নকৰাজনেও এতিয়া আদা,নহৰু দি ৰন্ধা ভেদাইলতাৰ জুতি লৈছে ৷ বাৰীৰ কলগছজোপাৰ কলডিলটো আৰু কল পছলা ডালৰ প্ৰতি আকৰ্ষণ নথকাজনৰো এতিয়া শৰণাপন্ন হৈছে এইসমূহ পাচলিৰ প্ৰতি ৷ উল্লেখযোগ্য যে সম্প্ৰতি সময়,পৰিবেশ সকলো পৰিৱৰ্তন হোৱাৰ সমান্তৰালভাৱে পৰিৱৰ্তন হৈছে আমাৰ খাদ্যাভাসো ৷সময়ৰ আহ্বানত এতিয়া ৰাজ্যৰ কিছু সংখ্যক লোকে বাৰুকৈয়ে উপলব্ধি কৰিছে শাক পাচলিৰ এখন বাৰীৰ প্ৰয়োজনীয়তা ৷গতিকে সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য কৰি অনাগত দিনত ঘৰতে এখন সৰুকৈ শাকনি বাৰী পতাৰ সংকল্প লৈছে ৰাইজে ৷
তলাবন্ধই আদৰ বঢ়ালে বাৰীৰ চুকৰ ঢেকীয়া, ভেদাইলতা, মছন্দৰীৰ
-
By publisher

- Categories: News
- Tags: AssamASSAM FIGHTS CORONACovid-19LockdownSTAY HOME STAY SAFE
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026