দুটা দিনৰ বিৰতিৰ পিছত মংগলবাৰে ৰাজ্যত পুনৰ দুজন লোকৰ শৰীৰত ক’ভিড ১৯ ৰ উপস্থিতি ধৰা পৰে ৷ ইয়াৰে এজন হ’ল ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চাপৰৰ বাসিন্দা ব্যৱসায়ী আলহাজ জামালউদ্দিন ৷ দ্বিতীয়জনো আক্ৰান্ত হ’ল হাইলাকান্দি ফাইজুল হক বৰভূঞা ৷ ইয়াৰ ফলত ৰাজ্যত এই ভাইৰাছত আক্ৰান্তলোকৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি পালে বুলি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে ৷ আনহাতে জামালউদ্দিনৰ জৰিয়তে এই ভাইৰাছ সংক্ৰমণৰ অভিকেন্দ্ৰ হৈ পৰা নিজামুদ্দিনৰ তবলি নামাজৰ লগত সম্পৰ্ক থকা ৰোগীৰ সংখ্যা ৰাজ্যত ২৬ জনলৈ বৃদ্ধি পালে ৷ তবলিগি জামাতলৈ যোৱা জামালউদ্দিনক ইতিমধ্যে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ আৰু তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ধুবুৰীত আছুতীয়াকৈ ৰক্ষা হৈছে ৷ জামালুদ্দিন হ’ল ক’ভিড ১৯ ত আক্ৰান্ত ধুবুৰীৰ প্ৰথমজন লোক ৷
স্বাস্থ্যমন্ত্ৰী ড° শৰ্মাই সদৰী যে যোৱা ছয় মাৰ্চত জামালুদ্দিন মাৰ্কাজলৈ গৈছিল ৷ তাত তেওঁ ন মাৰ্চলৈ আছিল । ১০ মাৰ্চত তেওঁ গুৱাহাটীতো উপস্থিত হৈছিল। চাপৰৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত জামালুদ্দিনৰ চৰ্দি,কাহঁ আৰু জ্বৰত আক্ৰান্ত হৈছিল । জামালুদ্দিনে প্ৰথমতে চিকিৎসকৰ আগত নিজামুদ্দিনলৈ যোৱাৰ কথা গোপনে ৰাখিছিল ৷ শেহতীয়াকৈ স্বাস্থ্যমন্ত্ৰী ড° শৰ্মাই তবলিগি জামাতৰ পৰা উভতি অহা যিসকল লোকে নিজৰ তথ্য লুকুৱাই ৰাখিছে ৷ সেইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলি কৰা ঘোষণাৰ পিছত জামালুদ্দিন ওলাই আহিবলৈ বাধ্য হয় ৷ আৰু মংগলবাৰে জামালুদ্দিন কভি’ড ১৯ ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ৷ ইফালে জামালুদ্দিনৰ সংস্পৰ্শলৈ অহা লোকসকলক কোৱাৰেন্টাইনত ৰখা হৈছে। উল্লেখযোগ্য যে নিশা নিশ্চিত হোৱা হাইলাকান্দিৰ লোকজন চৌদি আৰবৰ পৰা আহিছিল বুলি মন্ত্ৰী ড° শৰ্মাই সদৰী কৰে।