তলাবন্ধৰ কাৰণে খাদ্য সংকটত গাঁৱবাসী

ecocorona 660 270320074935

কৰ’না ভাইৰাচৰ কাৰণে চৰকাৰে দিয়া তলাবন্ধৰ কাৰণে তেজপুৰৰ সমীপৱৰ্তী এখন গাঁৱত ঢুকি পোৱা নাই চৰকাৰী ব্যৱস্থাই ৷ যাৰ কাৰণে খাদ্যৰ অভাৱত লোকসকলে কল সিজাই খাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সম্প্ৰতি এই লোকসকলক সহায়ৰ হাত আগবঢ়াইছে যুৱ সমাজকৰ্মী আৰু সহ সহকাৰী কৃষি পৰিদৰ্শক ৰোষেশ্বৰ পটংগীয়াই ৷লগতে একাধিক ব্যক্তি,অনুষ্ঠান প্ৰতিষ্ঠান,আৰু শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে প্ৰায় দুকুৰিটা পৰিয়ালৰ মাজত খাদ্য বিতৰণ কৰে।

একেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য নিতুল বৰা নেতৃত্বত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ তালুকদাৰ,সাধাৰণ সম্পাদক দেৱাঞ্জন পাঠকৰ লগতে বিষয়ববীয়াসকলে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে যাতে তলাবন্ধৰ সময়ত কোনো বাহিৰলৈ ওলাই নাহে তাৰ প্ৰতি আহ্বান জনায়। ইপিনে কভি’ড ১৯ ৰ বিৰুদ্ধে চলি থকা যুঁজত সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে অসম আৰোগ্য নিধিৰ লগত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ শোণিতপুৰৰ বিভিন্ন দল সংগঠনে মুঠ ৩১,৭৯,৫৫৩ টকা বৰঙনি আগবঢ়াই ৷ ইয়াৰোপৰি তেজপুৰৰ বিভিন্ন লোকে ক’ভিড ১৯ ৰ চিকিৎসাৰ কাৰণে বিভিন্নজনলৈ সাহাৰ্য আগবঢ়াইছে ৷আনহাতে আমছু,নেমছুৰ দ্বাৰাও তেজপুৰত খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে ৷

 

Exit mobile version