শোণিতপুৰৰ মিছামাৰীত তৰমুজ খেতিত বৃহৎ লোকচান

IMG 20200408 WA0039

কৰ’না ভাইৰাছৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্যৰ কৃষিখণ্ড ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে শোনিতপুৰ মিছামাৰী অঞ্চলৰ নৈ পৰীয়া একাংশ লোকে বিগত বছৰৰ দৰে এইবাৰো গাভৰু নৈৰ বালি চৰত পাঁচশ বিঘাতকৈ অধিক মাটিত তৰমুজৰ খেতি কৰিছিল ৷কিন্তু তলাবন্ধৰ কাৰণে সময়মতে উৎপাদিত তৰমুজ বজাৰত বিক্ৰী কৰিব নোৱাৰাৰ কাৰণে লোকচানৰ সন্মুখীন হয় কৃষকসকল ৷

উল্লেখযোগ্য যে প্ৰায় পাঁচশ বিঘা মাটিত উৎপাদিত তৰমুজ বিক্ৰী কৰিব নোৱাৰিলে ২৯ ৰ পৰা ২৮ লাখ টকাৰ লোকচানৰ সন্মুখীন হ’ব বুলি জানিবলৈ দিছে ভুক্তভোগী উক্ত কৃষকসকলে ৷ইফালে ঋণলৈ টকা আনি কৰা খেতিৰ এই অৱস্থা দেখি সম্প্ৰতি ঋণ কেনেকৈ পৰিশোধ কৰিব সেই বিষয়ে কৃষকসকল চিন্তিত হৈ পৰিছে ৷ গতিকে কৃষি বিভাগ,জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰে তৰমুজ খেতিয়কসকলক তলাবন্ধৰ মাজতে উৎপাদিত শস্য বিক্ৰীৰ কাৰণে ব্যৱস্থা কৰি দিয়াৰ অনুমতি প্ৰদান কৰা হ’লে কৃষকসকলে সকাহ পালেহেঁতেন ৷অন্যথা গ্ৰাম্য অৰ্থনীতিত যে ইয়াৰ প্ৰভাৱ পৰিব সেয়া নিশ্চিত ৷

Exit mobile version