কৰ’না আক্ৰান্তৰ মাজতে কেৰেলাত প্ৰেমিকৰ সৈতে পলাল প্ৰেমিকা 

feature 3 typesoflove lwm 1

কৰ’না সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে ২১ দিনীয়া তলা বন্ধ অব্যাহত থকাৰ সময়তে কেৰেলাৰ কোঝিকোড় জিলাৰ কাচাকাচী খামাৰচেৰী অঞ্চলৰ বাসিন্দা এগৰাকী যুৱতীয়ে প্ৰেমিকাৰ সৈতে পলাই গোপনে বিবাহ সম্পন্ন কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱতী গৰাকীয়ে ভিন্ন ধৰ্মৰ যুৱকৰ সৈতে তলাবন্ধৰ মাজতে ঘৰৰ পৰা পলায়ন কৰাত  যুৱতীৰ পিতৃয়ে আৰক্ষীক এক অভিযোগ দাখিল কৰিছে । ইতিমধ্যে আৰক্ষীয়ে তদন্ত চলাই যুৱক-যুৱতীহালক আটক কৰিছে । অৱশ্যে দুয়ো প্ৰাপ্তবয়স্ক হোৱা হেতুকে আৰক্ষীয়ে তেওঁলোকক মুক্তি দিবলৈ বাধ্য হয় । কিন্তু তলাবন্ধৰ নিয়ম উলংঘনৰ অভিযোগত  আৰক্ষীয়ে যুৱতী আৰু যুৱক জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

ADVERTISEMENT
Exit mobile version