বৰ্তমান ক’ৰনা ভাইৰাছ সমগ্ৰ বিশ্বতে সংক্ৰমিত হৈছে । চিকিৎসক সকলে নিজক সংকটত পেলাই সমাজৰ হকে সেৱা আগবঢ়াই আহিছে । কৰ’না আক্রান্ত ৰোগীৰ চিকিৎসা আগবঢ়াই কেইবাজনো চিকিৎসক-নাৰ্ছ ইতিমধ্যে কৰ’নাত আক্ৰান্তও হৈছে । মধ্যপ্ৰদেশৰ এজন চিকিৎসকে নিজৰ পৰিয়ালৰ সদস্যক ক’ৰনা ভাইৰাছৰ সাম্ভাৱ্য সংক্ৰমণৰ পৰা সুৰক্ষিত ৰাখিবলৈ নিজৰ গাড়ী খনকে বাসগৃহ হিচাপে ব্যৱহাৰ কৰিছে । ভূপালৰ ডাঃ শচীন নায়াকে জে পি হাস্পতালত ক’ৰনা ৰোগীৰ চিকিৎসা সেৱা আগবঢ়াই আহিছে । চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ পৰিৱৰ্তে সম্প্ৰতি নিজৰ গাড়ীতে দিনটোৰ বাকী খিনি সময় অতিবাহিত কৰাৰ ব্যৱস্থা কৰি লৈছে । ডাঃ নায়াকে কয় যে ক’ৰনা ৰোগীক সেৱা আগবঢ়োৱাৰ পাছত চিকিৎসক সকলে নিজকে পৰিয়াল তথা সমাজৰ পৰা নিজকে আঁতৰাই ৰখাটো জৰুৰী । ডাঃ নায়াকৰ এই পদক্ষেপক মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ও প্ৰশংসা কৰিছে ।
পৰিয়ালক সুৰক্ষিত ৰাখিবলৈ চিকিৎসকে বাস কৰিছে গাড়ীত
-
By publisher

ADVERTISEMENT
- Categories: COVID-19, News
- Tags: BHOPALCORONAVIRUSCovid-19Dr. Sachin NayakFIGHT AGAINST COVID-19INDIA FIGHTS CORONAMADHYA PRADESHSTAY HOME STAY SAFEWORLD FIGHTS CORONA
Related Content
বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ
By
publisher
June 16, 2025
'বন্ধুত্বৰ প্ৰতীক'! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
By
publisher
June 16, 2025
ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু
By
publisher
June 16, 2025
সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি
By
publisher
June 16, 2025
দেশত দুটা পৰ্যায়ত হ'ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ
By
publisher
June 16, 2025
ধ্বংস হ'ল ভেৰোনাৰ যাদুঘৰৰ মূল আকর্ষণ
By
publisher
June 16, 2025