কৰ’নাৰ ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে দেশজুৰি অব্যাহত তলাবন্ধ জৰিয়তে সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে যদিও সকলো নীতি-নিৰ্দেশনাক ৰাজ্যত জ্বলাঞ্জলি দি আহিছে বহুলোকে | জমা ধন উলিয়াবলৈ গৈ একাংশই বেংকৰ সন্মুখত এইদৰে শাৰী পতাৰ পৰিলক্ষিত হৈছে । যিটো সময়ত সকলোকে এত মিটাৰ ব্যৱধান ৰাখিবলৈ কোৱা হৈছে সেই সনয়তে গাতে গা লগাই শতাধিক লোকে পুৱাৰ পৰা শাৰী পাতি ৰৈ আছে বেংকৰ সন্মুখত। এই কাৰ্য্য সংঘটিত হৈছে মৰিগাঁও জিলাৰ গড়মাৰীত। ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ গড়মাৰীৰ শাখাৰ সন্মুখত শুক্ৰবাৰে পুৱাৰ পৰা দেখা গ’ল গ্ৰাহকৰ তিনিটাকৈ দীঘলীয়া শাৰী। চৰকাৰী বিভিন্ন আঁচনিৰ ধন গ্ৰাহকৰ একাউন্টত জমা হোৱাৰ পিছত বেংকৰ সন্মুখত ৰৈ জমা ধন উলিয়াবলৈ এইদৰে গ্ৰাহকসকলে ভিৰ কৰাৰ পৰিলক্ষিত হৈছে। সামাজিক দূৰত্বক ভেঙুচালি কৰি গ্ৰাহক সকলে এইদৰে শাৰী পতাক লৈ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।
মৰিগাঁৱৰ জমা ধন উলিয়াবলৈ গৈ সামাজিক দূৰত্বক ভেঙুচালি
-
By publisher

- Categories: City, COVID-19, News
- Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGANIST COVID-19MORIGAONSTAY HOME STAY SAFE
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026