উদ্বেগ বৃদ্ধি কৰি একেদিনাই ক’ভিড১৯ ত মৃত্যু ৩৭ জনৰ 

Amarendra sing
দেশত কৰ”না ভাইৰাছত বিগত ২৪ ঘন্টাত প্ৰায় নশজন লোক সংক্ৰমিত হৈছে আৰু ৩৭ জনৰ মৃত্যু হৈছে ৷কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এই তথ্য সদৰি কৰিছে ।এই পৰ্যন্ত দেশত ২৪ ঘন্টাত আক্ৰান্ত ভিতৰতে সৰ্বাধিক এই পৰিসংখ্যা ৷দেশত এই পৰ্যন্ত প্ৰায় ৭৬৮৪ জন সংক্ৰমিত হৈছে আৰু দুশৰো অধিক লোকৰ মৃত্যু হৈছে ৷তথ্য অনুসৰি মহাৰাষ্ট্ৰত কৰ’নাত আক্ৰান্ত হৈ প্ৰায় এশজনৰ মৃত্যু হৈছেো৷
বিশ্ব স্বাস্থ্য সংস্থাই কয় যে মুম্বাইৰ দৰে ঠাইত সংকট ৰুধিবলৈ মূল পদক্ষেপ হ’ব লাগিব অধিক সংখ্যক পৰীক্ষা ৷সম্প্ৰতি এই পৰিমাণ বৃদ্ধি কৰা হৈছে ।সংক্ৰমণৰ পৰিমাণ বৃদ্ধিৰ লগে লগে বহু ৰাজ্যই তলাবন্ধ বৃদ্ধিৰ পৰামৰ্শ দিছে কেন্দ্ৰ চৰকাৰক ।কিন্তু অৰ্থনীতি সৃষ্টি কৰা আঘাত আৰু খেতিৰ বতৰলৈ লক্ষ্য ৰাখি বিভিন্ন বিশেষজ্ঞই পৰ্যায় ক্ৰমে তলাবন্ধ প্ৰত্যাহাৰ কৰিছে ।
ইপিনে পঞ্জাৱ চৰকাৰে ঘোষণা কৰে যে ক’ভিড১৯ ৰ প্ৰৱণতাৰ বাবে তলাবন্ধ অহা এক মে’লৈ অব্যাহত থাকিব। ইতিমধ্যে ওড়িছাই এই পদক্ষেপ হাতত লৈছে। বিশেষজ্ঞসকলে সকীয়াই দিছে যে বস্তি অঞ্চলত কোটি কোটি লোক বসবাস কৰা ভাৰতৰ দৰে দেশত বৃহৎ ৰূপত সংক্ৰমণ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ৷পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কয় যে স্বাস্থ্য বিশেষজ্ঞসকলৰ সকিয়নী অতি ভয়াৱহ আৰু আতংকজনক এনে অঞ্চলত সামাজিক দূৰত্বৰ বিধি মানি চলাটো সম্ভৱ নহয় ।মুম্বাইৰ দৰে ঠাইত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে ।
আনহাতে পঞ্জাৱ গণ সংক্ৰমণৰ দিশে আগবাঢ়িছে বুলি আশংকা প্ৰকাশ কৰিছে পঞ্জাৱ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ৷অৱশ্যে ভাৰত চৰকাৰৰ অনুসৰি ভাৰতবৰ্ষ এতিয়াও সংক্ৰমণৰ তৃতীয় পৰ্যায় অতিক্ৰম কৰা নাই ৷ বৈদেশিক মন্ত্ৰ্যালয়ৰ বিষয়া বিকাশ স্বৰূপে কয় যে বিশ্বৰ তুলনাত ভাৰতত আক্ৰান্তৰ সংখ্যা কম ৷আৰু তলাবন্ধই ইয়াৰ পৰিমাণ বহু হ্ৰাস কৰিছে ৷উল্লেখযোগ্য যে অহা ১৪ এপ্ৰিলত অন্ত পৰিবলগীয়া তলাবন্ধ প্ৰত্যাহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰীসকলৰ স’তে বৈঠকত মিলিত হৈছে ।
Exit mobile version