গণ সংক্ৰমণৰ দিশত ভাৰত? সংশয়ৰ সৃষ্টি

new coro
শ্বাস প্ৰশ্বাসৰ সমস্যাত ভোগা মানুহৰ স্বাস্থ্য পৰীক্ষাৰ ফলত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে এনে বহু কৰ’না ভাইৰাছ আক্ৰান্ত লোকৰ সন্ধান লাভ কৰিছে যাৰ কোনো বিদেশ ভ্ৰমণৰ ইতিহাস নাই। সম্প্ৰতি পৰীক্ষা পদ্ধতি সলনি কৰাৰ পাছত এই পৰিৱৰ্তন পোহৰলৈ আহে ৷এই সম্পৰ্কীয় প্ৰতিবেদন আই চি এম আৰে সম্প্ৰতি জমা দিছে ইণ্ডিয়ান জাৰ্ণেল অৱ মেডিকেল ৰিছাৰ্চত ৷এই পৰীক্ষাৰ ফলাফলক লৈ স্বাভাৱিকভাৱেই সংশয়ৰ সৃষ্টি হৈছে যে দেশত কৰ’নাৰ গণসংক্ৰমণ আৰম্ভ হৈছে নেকি?
অৱশ্যে প্ৰতিবেদনত এই বিষয়ে কোনো উল্লেখ কৰা নাই ।লক্ষ্যণীয়ভাৱে যে ভাৰতত কৰ’নাৰ পৰিস্থিতিয়ে এতিয়াও গণসংক্ৰমণৰ ৰূপ ধাৰণ কৰা নাই বুলি জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই। দুসপ্তাহ পূৰ্বে আই চি  আৰেও এইদৰে কৈছিল ৷ কিন্তু ইয়াৰ পাছতে তেওঁলোকৰ পৰীক্ষা পদ্ধতি সলনি কৰা হয় ৷ইয়াৰ পাছৰ ফলাফলে কিছু ভিন্ন ইংগিত দিয়ে ৷শ্বাস প্ৰশ্বাসৰ সমস্যাত ভোগা ৫,৯১১ জনৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰ ১০৪ জনৰ শৰীৰত ক’ভিড ১৯ ৰ বীজাণু চিনাক্ত কৰা হৈছে ।ইয়াৰে ৪০ জনৰ শৰীৰত কৰ’না ভাইৰাছ চিনাক্ত হৈছে যাৰ কোনো বিদেশলৈ যোৱাৰ ইতিহাস নাই অথবা বিদেশলৈ যোৱা মানুহৰ সংস্পৰ্শলৈ অহা নাই।
দেশত কৰ’না ভাইৰাছে গণসংক্ৰমণৰ আকাৰ ধাৰণ কৰিছে নে নাই,বিগত কিছুদিন ধৰি আই চি এম আৰে এই বিষয়ে পৰ্যবেক্ষণ কৰি আছে । প্ৰতিবেদনত উল্লেখ –
Exit mobile version