জানাজাত নিয়োজিত শ্ৰমিক ঘৰলৈ উভতিব বুলি ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টি

corona
ক’ভিড-১৯ত আক্ৰান্ত হৈ শুক্ৰবাৰে পুৱতি নিশা মৃত্যু হোৱা ফইজুল হক বৰভূঞাৰ জানাজা শুক্ৰবাৰে প্ৰশাসনৰ উদ্যোগত কঠোৰ স্বাস্থ্য সুৰক্ষা নিয়মৰ মাজেৰে হাইলাকান্দি ইটৰকান্দিৰ এটা স্থানত সম্পন্ন কৰা হয় | পৰিয়ালৰ কোনো লোকক ইয়াত অংশগ্ৰহণ কৰিবলৈ প্ৰশাসনে অনুমতি নিদিলে | তাৰ পূৰ্বে আজি তেওঁৰ মৃতদেহ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা হাইলাকান্দিলৈ নিয়া হয় |
উল্লেখ্য যে প্ৰয়াত বৰভূঞা ক’ভিড-১৯ত আক্ৰান্ত বুলি প্ৰমাণিত হোৱাৰ পাছতে যোৱা সাত এপ্ৰিলৰ নিশা তেওঁক ঘৰৰ পৰা নি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল | ইপিনে,  তেওঁৰ জনাজাৰ দায়িত্বত নিয়োগ কৰা নজন শ্ৰমিকে ঘৰলৈ যাব বুলি হাইলাকান্দিৰ অজাচক পল্লীৰ ৰাইজৰ মাজত উত্তেজনা বিয়পি পৰে| এই নিয়োজিত শ্ৰমিকসকলে যাতে ঘৰলৈ যাব নোৱাৰে সেই দাবীৰে স্থানীয় লোকসকল সৰব হৈ পৰে |
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল উক্ত স্থানত উপস্থিত হয় | অৱশ্যে স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি জামাজা অথবা অন্ত্যোষ্টিক্ৰিয়াৰ দায়িত্বত থকা সকলকো কোৱাৰেণ্টাইনলৈ যাব লাগে | সেই মৰ্মে শুক্ৰবাৰে সংশ্লিষ্ট শ্ৰমিক কেইজনকো কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হয় |
Exit mobile version