ক’ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৪মাৰ্চৰ পৰা দেশত ২১ দিনৰ তলা বন্ধৰ পদক্ষেপ গ্ৰহণ নকৰা হ’লে ভাৰতৰ পৰিস্থিতি ইটালীৰ লেখীয়া ভয়াবহ হ’লহেতেন ।ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিছাৰ্ছৰ এক প্ৰতিবেদনত তলাবন্ধৰ প্ৰভাৱৰ সন্দৰ্ভত এই তথ্য প্ৰকাশ পাইছে।আই চি এম আৰে এই প্ৰতিবেদনত কয় যে ভাৰতত প্ৰতিজন ক’ৰনা সংক্ৰমিত লোকে তলা বন্ধ অবিহনে এমাহত গড়ে ৪০৬জন লোকক সংক্ৰমিত কৰিলেহেঁতেন আৰু এইদৰে দেশত অহা ১৫ এপ্ৰিললৈকে ৮.২০লাখ লোক এই ভাইৰাছত আক্ৰান্ত হলহেঁতেন।কিন্তু প্ৰধানমন্ত্ৰীৰ তৎপৰতাত ২১ দিনীয়া তলা বন্ধ ঘোষণা কৰাত এজন ক’ৰনা সংক্ৰমিত লোকৰ জৰিয়তে ২.৫ জন লোক সংক্ৰমিত হোৱাত ভাৰতত ক’ৰনাই ইটালীৰ দৰে ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ সক্ষম নহ’ল।তলাবন্ধৰ জৰিয়তে ভাৰতত ক’ৰনাৰ সংক্ৰমণৰ হাৰ যথেষ্ট নিয়ন্ত্ৰিত হ’ল বুলিও আই চি এম আৰে এই সমীক্ষাত দাবী কৰিছে ।
তলাবন্ধই ৰক্ষা কৰিলে ভাৰতক:অন্যথা সংক্ৰমিত হ’লহেতেন ৮.২০লাখ
-
By publisher

ADVERTISEMENT
- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST CORONAindia
Related Content
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে 'অপাৰেচন সিন্দূৰ'
By
publisher
May 11, 2025
'ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু...'! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
By
publisher
May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
By
publisher
May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
By
publisher
May 10, 2025
ভাৰত-৫, পাকিস্তান-৩... বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
By
publisher
May 10, 2025