পানীৰ অভাৱত শুকাবলৈ ধৰিছে বৰো ধান

images 4

 

তলাবন্ধই এতিয়া কোঙা কৰি পেলাইছে মৰিগাঁও জিলাৰ গঞা কৃষক ৰাইজক।এই লকডাউনে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে শ্ৰমজীৱী ৰাইজৰ লগতে বিশেষকৈ কৃষিকৰ্মৰে জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ ৰাইজক।জিলাখনৰ ৮০ ভাগ লোকেই কৃষিকৰ্মত নিৰ্ভৰশীল হৈ জীৱন যাপন কৰি আছে।এই সময়ছোৱাত বৰো ধানৰ গেৰ ওলাইছে।কিন্তু পথাৰত নাই পানী।জিলাখনৰ জলসিঞ্চন ব্যৱস্থাও তথৈবচ।অধিকাংশ কৃষকে বৰো ধানৰ খেতিৰ বাবে নিজাকৈ পাম্প-মটৰ বহুৱাই পথাৰত পানী যোগান ধৰি খেতি কৰিবলগীয়া হৈছে ।কিন্তু লকডাউনৰ বাবে একাংশ কৃষকে ক্ৰয় কৰিব পৰা নাই ডিজেল-কেৰাচিন।ইফালে এই সময়ত পথাৰত পানী নিদিলে নষ্ট হ’ব বৰো ধান সমূহ। চহৰ খনত জলসিঞ্চন আৰু কৃষি বিভাগৰ দৰে দুটা বিয়াগোম বিভাগ আছে যদিও গাঁৱৰ ৰাইজে এই বিভাগ দুটাৰ পৰা নাপায় কোনো চৰকাৰী সুবিধা।খেতি নহ’লে অদূৰ ভৱিষ্যতে মৰিগাঁওৰ কৃষক সকললৈ দুৰ্ভিক্ষ নামি অহাৰ সমম্ভাৱনা নুই কৰিব নোৱাৰি ।জিলাখনত বৰো ধানৰ খেতি কৰি জীৱন নিৰ্বাহ কৰা একাংশ ৰাইজ বাৰুকৈয়ে বিধ্বস্ত হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

Exit mobile version