নিৰ্জন স্থানতো মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে কৰ’না ভাইৰাছে 

Peaceful Place Park

ন’ভেল কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সম্প্ৰতি সমগ্ৰ বিশ্বই সামাজিক অধিক গুৰুত্ব দিছে ৷ কিয়নো সামাজিক দূৰত্ব বজাই নাৰাখিলে এই ভাইৰাছ স’ক্ৰমণৰ আশংকাই দেখা দিব ৷ সেইবাবে বহুতে তলাবন্ধৰ সময় কটোৱাৰ বাবে নিৰ্জন স্থানকো বাছি লোৱা পৰিলক্ষিত হৈছে ৷ কিন্তু কৰ’না ভাইৰাছে বিশ্ব ব্যাপি যি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে তাৰ পৰা নিৰ্জন স্থানতো ৰক্ষা নোপোৱাৰ উপক্ৰম ঘটিছে ৷ বিশ্বৰ সবাতোকৈ বৃহৎ অৰণ্য আমাজানৰ গভীৰ, ঘন জংঘলত একেবাৰে নিৰ্মল প্ৰকৃতিৰ কোলাত আধুনিক বিশ্বৰ স’তে যোগসূত্ৰ বিচ্ছিন্নভাবে বসবাস কৰি অহা আদিবাসী গোষ্ঠীৰ মাজতো ইতিমধ্যে কৰ’না ভাইৰাছৰ সংক্ৰমণ বিয়পি পৰিছে ৷ আনকি সেই গহীন বনাঞ্চলত বাস কৰা এজন কিশোৰৰ ইতিমধ্যে ক’ভিড ১৯ ত মৃত্যু হৈছে ৷

ৰোৰেইমাৰ চিকিৎসালয় কৰ্তৃপক্ষই এই কথা সন্দৰ্ভত নীৰৱতা অৱলম্বন কৰিলেও সম্প্ৰতি ব্ৰাজিল চৰকাৰে চিন্তা বৃদ্ধি হৈছে আদিবাসী গোষ্ঠীৰ ভৱিষ্যতকলৈ ৷ উল্লেখযোগ্য যে ব্ৰাজিলৰ উত্তৰাংশ তথা ভেনিজুৱেলাৰ দক্ষিণাংশৰ আমাজনত থকা অতি গভীৰত বাস কৰা প্ৰাচীন আদিবাসী জনগোষ্ঠী হৈছে ইয়ান’মামি ৷ এই জনগোষ্ঠীটোৰ  সংস্কৃতি ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ছাৰভাইভেল ইন্টাৰনেচনেল নামৰ এটা সংস্থাই ৷ যাৰ কাৰণে আধুনিক জীৱন ছন্দৰ পৰা বহু যোজন দূৰত এই জনগোষ্ঠীটো ৷ ব্ৰাজিলৰ চৰকাৰী সূত্ৰই জনোৱা অনুসৰি যোৱা তিনি নম্বৰত ইয়ান’মামি উপজাতিৰ ১৫ বছৰীয়া কিশোৰ এজন গুৰুতৰ ভাৱে অসুস্থ হৈ পৰাত তেওঁক নিকটৱৰ্তী  ৰোৰেইমাৰ হাস্পতালত ভৰ্তি কৰোৱা হয়  ইয়াৰ পাছত উপসৰ্গ লক্ষ্য কৰি চিকিৎসকে ক’ভিড ১৯ ৰ পৰীক্ষা কৰোৱাত প্ৰতিবেদন ধনাত্মক আহে ৷ আৰু শেষত কিশোৰজন মৃত্যু মুখত পৰে ৷

আনহাতে বহিঃবিশ্বৰৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকাৰ পিছতো কিদৰে আমাজনত কৰ’নাত আক্ৰান্ত হ’ল সেই সম্পৰ্কে গভীৰ চিন্তাত পৰিছে ব্ৰাজিলৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ ৷ ছ’চিঅ’ এনভাইৰণমেন্ট ইনষ্টিটিউট নামৰ প্ৰতিষ্ঠানটোৱে কোৱা অনুসৰি এই অঞ্চলটো চোৰাং চিকাৰীসকলৰ অতি পছন্দৰ ৷ কমেও ২০ হেজাৰ চোৰাং সৰবৰাহকাৰীয়ে সেই অঞ্চলেৰে অবাধে যাত্ৰা কৰে ৷ তেনে কোনো অবৈধ সৰবৰাহকাৰীৰ পৰা কৰ’না সংক্ৰমণ হ’ব পাৰে বুলি নিশ্চিত কৰে প্ৰতিষ্ঠানটোৱে । গতিকে জংঘল জীৱনৰ পৰা আনি আধুনিক চিকিৎসা কৰিবলৈ এই লোকসকলক আহ্বান জনাই প্ৰতিষ্ঠানটোৱে ।

Exit mobile version