কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে দিয়া দেশত প্ৰযোজ্য কৰা তলাবন্ধৰ ম্যাদ বৃদ্ধিৰ প্ৰায় নিশ্চিত হৈছে | প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশৰ কমেও ১৩জন মুখ্যমন্ত্ৰীৰ স’তে ভিডিঅ’ত কনফাৰেন্স যোগে এক বৈঠকত মিলিত হোৱাৰ পাছত এই সম্ভাৱনা প্ৰকট হৈ উঠিছে | বৈঠকত প্ৰধানমন্ত্ৰীয়ে ইংগিত দিয়ে যে দেশত অন্ততঃ দুসপ্তাহ তলাবন্ধৰ সময়সীমা বৃদ্ধি কৰা হ’ব | মুখ্যমন্ত্ৰীসকলৰ অনুৰোধ মৰ্মে দেশত তলাবন্ধৰ ম্যাদ দুসপ্তাহ বৃদ্ধিৰ ইংগিত দিয়ে মোদীয়ে | চৰকাৰী সূত্ৰত প্ৰকাশ যে মুখ্যমন্ত্ৰীসকলে দীঘলীয়া সময়ৰ বাবে তলাবন্ধ অব্যাহত থকাটো বিচাৰিছে | প্ৰধানমন্ত্ৰী মোদীয়ে জীৱনৰ লগতে অৰ্থনীতিক বচোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে | তিনি সপ্তাহ পূৰ্বে তেওঁ তলাবন্ধ ঘোষণাৰ সময়ত কৈছিল যে দেহা থাকিলেহে বেহা | দেওবাৰৰ বৈঠকৰ সামৰণিৰ ফালে প্ৰধানমন্ত্ৰীয়ে অৱশ্যে কয় যে দেহা থাকিব লাগিব আৰু বেহাও থাকিব লাগিব | জীৱন আৰু অৰ্থনীতি, দুয়োটাই গুৰুত্বপূৰ্ণ বুলি তেওঁ কয় | কিয়নো তলাবন্ধই ব্যৱসায়-বাণিজ্যত বাণিজ্যত বৃহৎ আঘাট হানিছে |প্ৰধানমন্ত্ৰীৰ তলাবন্ধৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সোনোৱালৰ ভাষ্য যে আজি ভাৰতৰ পৰিস্থিত আন বহু উন্নত দেশতকৈ উন্নত ৷যদি ইয়াৰ পৰিসমাপ্তি ঘটোৱা হয় তেন্তে বিগত দিনৰ তলাবন্ধ অথলে যাব ৷গতিকে তলাবন্ধ ম্যাদ বৃদ্ধি কৰাটো প্ৰয়োজনীয় ৷
- ইফালে প্ৰাথমিক সূত্ৰ অনুযায়ী কোনবোৰ অঞ্চলতত সংক্ৰমণৰ প্ৰভাৱ কিমান সেই মৰ্মে সমগ্ৰ দেশকে ৰঙা,হালধীয়া আৰু সেউজীয়া এই তিনিটা মণ্ডপত বিভক্ত কৰা হ’ব ৷
- কৰ’না সংক্ৰমণৰ অধিক প্ৰাবল্য থকা অঞ্চল অৰ্থাৎ হটস্পট বুলি চিনাক্ত হোৱা অঞ্চলসমূহ হ’ব ৰঙা মণ্ডল(ৰেড জ’ন) ৷সেই স্থানত কঠোৰ নিয়ম বলবৎ কৰা হ’ব ৷
- হালধীয়া মণ্ডলত কিছু শিথিল হ’ব নিয়ম ৷
- সেউজীয়া মণ্ডলত আৰু কিছু শিথিলতা থাকিব ।
লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে উদ্যোগ আৰু নিৰ্মাণ খণ্ডক পৰ্যায় ক্ৰমে তলাবন্ধৰ পৰা মোকলাই দিয়া হ’ব ৷- আনবোৰ নিষেধাজ্ঞা পৰ্যায়ক্ৰমে শিথিল কৰা হ’ব আৰু কৃষকৰ বাবে আন এক অৰ্থনৈতিক পেকেজ ঘোষণা কৰা হ’ব ৷
- যদিহে পাচলি বজাৰ মুকলি কৰি দিয়া নহয় ৷তেন্তে কৃষকে পোনপটীয়াকৈ বিক্ৰী কৰিব ৷
- এনেদৰে পোনপটীয়াকৈ বিক্ৰীৰ জৰিয়তে দেশৰ ১.৩ বিলিয়ন লোকক খাদ্যৰ যোগান ধৰিব লাগিব ৷