মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছে ৷এক প্ৰেছ বিবৃত্তি যোগে মুখ্যমন্ত্ৰী সোনোৱালে কয় সমূহ অসমবাসীক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষই নিজকে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে সংকল্পবদ্ধ হ’বলৈ নতুন প্ৰেৰণা প্ৰদান কৰিব ৷ কৰ’না ভাইৰাছৰ কাৰণে ৰাজ্যৰ জনগণে প্ৰথমবাৰৰ কাৰণে ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা অবিহনে উদযাপন কৰিব লগা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা তলাবন্ধ সকলোৱে মানি চলি জনসাধাৰণে সামাজিক ব্যৱধানৰ নীতি নিয়ম মানি চলি ৰঙালী বিহু উদযাপন কৰিব লাগিব ৷লগতে কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে ৰঙালী বিহুত সকলোকে একত্ৰিত হ’বলৈ আহ্বান কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷সেয়েহে জনসাধাৰণে এই সময়খিনিত সংযম,ধৈৰ্য,অনুশাসন,স্বাস্থ্যসন্মত বিধি বিধান মানি চলাৰ সংকল্পৰে সমগ্ৰ মানৱ সমাজে সন্মুখীন হোৱা জটিল পৰিস্থিতি আঁতৰাব লাগে বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মন্তব্য কৰে ৷
ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অসমবাসীলৈ শুভেচ্ছা
-
By publisher

- Categories: News
- Tags: Chief MinisterSarbananda Sonowal
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026