মুম্বাইত বান্দ্ৰাত তলাবন্ধৰ বিৰোধিতা কৰি ৰাস্তাত ওলাল হেজাৰ হেজাৰ শ্ৰমিক

images 8

বহিঃৰাজ্যৰ প্ৰবজনকাৰী শ্ৰমিকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰিলে লাঠীচালনা

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ৷ঠিক সেই সময়তে মংগলবাৰে মুম্বাইৰ বান্দ্ৰাত দেখা গ’ল ৰাজধানী দিল্লী সদৃশ পৰিস্থিতি ৷ পূৰ্বে নিৰ্ধাৰিত সময়সূচী অনুযায়ী কেন্দ্ৰীয় চৰকাৰে ১৪ এপ্ৰিললৈকে দিয়া তলাবন্ধ সমাপ্ত হোৱাৰ পিছতেই একাংশ বহিঃৰাজ্যৰ শ্ৰমিকে ভীৰ কৰিহে মুম্বাইৰ বান্দ্ৰাত ৷ এফালে মুম্বাইত কৰ’না ভাইৰাছৰ ত্ৰাস আনফালে বহিঃৰাজ্যৰ শ্ৰমিকৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ সেই স্থানত আৰক্ষীৰ লোক উপস্থিত হয় ৷ লগতে এই শ্ৰমিকসকলক সেই স্থানৰ পৰা আঁতৰাই পঠাবলৈ আৰক্ষীয়ে লাঠি চালনাও কৰে ৷ ইফালে মুম্বাইৰ বহিঃৰাজ্যৰ শ্ৰমিকসকলৰ মাজত দেখা পৰিস্থিতি দেখি বিভিন্ন প্ৰতিক্ৰিয়াৰ ব্যক্ত কৰিছে বিভিন্ন ৰাজনৈতিক মহলে ৷ মহাৰাষ্ট্ৰৰ মন্ত্ৰী আদিত্য থাকৰেই টুইটাৰ যোগে প্ৰকাশ কৰে যে বান্দ্ৰা ষ্টেচনত এয়া বৰ্তমানৰ পৰিস্থিতি ৷সুৰততো হিংসাত্মক ঘটনা সংঘটিত হৈছে ৷শ্ৰমিকসকলে খাদ্য বা আশ্ৰয় নিবিচাৰে,বিচাৰে নিজৰ ঘৰলৈ ঘূৰি যাবলৈ ৷ কেন্দ্ৰীয় চৰকাৰে এই শ্ৰমিকসকলক নিজৰ ৰাজ্যলৈ পঠিওৱাত ব্যৰ্থতাৰ এয়া পৰিণাম ৷লগতে থাকৰেই ২৪ ঘন্টাৰ ভিতৰত এখন ট্ৰেইনৰ যোগেদি বহিঃৰাজ্যৰ শ্ৰমিকসকলক স্বৰাজ্যলৈ যোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান কৰে কেন্দ্ৰীয় চৰকাৰক ৷উল্লেখযোগ্য যে এই পৰ্যন্ত দেশত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১১,১৫৯ জনলৈ বৃদ্ধি পাইছে ৷মৃত্যু হৈছে ৩৭০ জন ৷আনহাতে কৰ’না ভাইৰাছত আক্ৰান্ত সংখ্যা সৰ্বাধিক হৈছে মহাৰাষ্ট্ৰত ৷ ৰাজ্যখনত কৰ’না ভাইৰাছত এই পৰ্যন্ত আক্ৰান্ত হৈছে ২,৪৫৫ জন আৰু মৃত্যু হৈছে ১৬০ জন ৷

Exit mobile version