কোৱাৰেন্টাইনত থকা এগৰাকী ব্যক্তিৰ মৃত্যুক লৈ লালুকত চাঞ্চল্য

coronavirus14

লখিমপুৰ জিলাৰ লালুকৰ ধৰ্মপুৰ গাঁৱত আজি কোৱাৰেন্টাইনত থকা আলী হুছেইন নামৰ ব্যক্তিজনৰ আকস্মিক মৃত্যুয়ে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৰপেটা জিলাৰ কুৰুবাহা অঞ্চলৰ বাসিন্দা ৫৩ বছৰীয়া আলী হুছেইন সহিতে এটি জামাতী দলে ১৯ মাৰ্চৰ পৰা ৰাজ্যখনৰ বিভিন্ন স্থানত ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল ৷ ইয়াৰ পিছতে আলী হুছেইনৰ লগতে জামাতীৰ বাকী সদস্যসকলে আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ সহযোগত কোৱাৰেন্টাইনত থাকে ৷ কিন্তু অতি আশ্চৰ্য্যজনকভাৱে মংগলবাৰে নিশা ১নং ধৰ্মপুৰ মক্তব মাদ্ৰাছাৰ কোৱাৰেন্টাইনত  থকা আলী হুছেইন শুই থাকোতেই মৃত্যুক সাৱতি লয়  ৷

ইয়াৰ পিছতেই বুধবাৰে পুৱা এই সন্দৰ্ভত কোৱাৰেন্টাইনত থকা সদস্যসকলে তথা স্থানীয় লোকে এই ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ৷ ইয়াৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আলী হুছেইনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ যদিও এই পৰ্যন্ত মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ আনহাতে পৰৱৰ্তী সময়ত জিলাখনৰ উচ্চপদস্থ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ কোৱাৰেন্টাইনত থকা বাকী সদস্যসকলক প্ৰাথমিক চিকিৎসাৰ কাৰণে লালুক প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Exit mobile version