কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ সময়তে মংগলবাৰে মুম্বাইত হোৱা দিল্লী সদৃশ পৰিস্থিতিৰ কাৰণে আৰক্ষীৰ ৰোষত পৰিছে মু্ম্বাইৰ এটি এন জি অ’ৰ সঞ্চালক বিনয় ডুবে ৷ কাৰণ বিনয় ডুবেই বিগত সময়ত ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহিঃৰাজ্যৰ মজদুৰসকলক উদ্দেশ্যি “চলো ঘৰ কী অৌৰ” নামৰ এটা অভিযান আৰম্ভ কৰিছিল ৷ লগতে এটি ভিডিঅ’ও শ্বেয়াৰ কৰিছিল ৷ ভিডিঅ’টোত বিনয় ডুবেই চৰকাৰক বহিঃৰাজ্যৰ মজদুৰসকলৰ কাৰণে বাহনৰ ব্যৱস্থা কৰিবলৈ আহ্বান কৰে । লগতে কয় যে মজদুৰসকলৰ ইয়াত ভোকতে মৃত্যু হ’ব ৷ এবাৰ নিজৰ ৰাজ্যত মজদূৰসকল উপস্থিত হ’লে কোৱাৰেন্টাইনত থাকিব তেওঁলোক ৷ আমি ১৪ আৰু ১৫ এপ্ৰিল দুদিনহে অপেক্ষা কৰিম ৷যদি চৰকাৰে আমাৰ দাবী মানি নলয় মই, বিনয় ডুবে মজদূৰসকলক লগত লৈ পদযাত্ৰা আৰম্ভ কৰিম ৷
ইয়াৰ পিছতে বুধবাৰে মুম্বাইৰ আৰক্ষীয়ে সোধ পোচ কৰে বিনয় ডুবেক ৷ ছ’চিয়েল মিডিয়াত বিনয় ডুৱেই নিজকে সমাজসেৱক ৰূপত পৰিচয় দিছে ৷ তেওঁ মহাৰাষ্ট্ৰৰ আৱদ্ধ হৈ থকা মজদুৰসকল নিজৰ ৰাজ্যত উপস্থিত হ’বৰ কাৰণে ৪০ খন বাছৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক উদ্দেশ্যি ফেচবুক আৰু টুইটাৰত প’ষ্ট দিছিল ৷ আৰু ভিডিঅ’টোত উল্লেখ কৰিছিল যে বিহাৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ আদিৰ মজদুৰসকলৰ কাৰণে ব্যৱস্থা কৰা বাছসমূহ হ’ব সম্পূৰ্ণ বিনামূলীয়া ৷ বিনয় দুবেৰ এই ভিডিঅ’টোক বহু লোকেই ইতিমধ্যে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৷
উল্লেখযোগ্য যে মংগলবাৰে মুম্বাইৰ বান্দ্ৰাত প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰা তলাবন্ধ শেষ হোৱাৰ পিছতে বহিঃৰাজ্যৰ শ্ৰমিকে ভিৰ কৰেহি ৷ এফালে কৰ’না ভাইৰাছৰ ত্ৰাস আনফালে এই মজদুৰসকলে বান্দ্ৰাত যি পৰিস্থিতিৰ সৃষ্টি কৰিলে তাক লৈ চিন্তিত হৈ পৰে দেশৰ জনসাধাৰণৰ লগতে ৰাজনৈতিক মহল ৷ আনহাতে এই পৰ্যন্ত ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১১,৬৩৭ ৷ মৃত্যুৰ সংখ্যা ৩৯৮ ৷ ইপিনে সৰ্বাধিক কৰ’না ভাইৰাছত আক্ৰান্তৰ ৰাজ্য হৈছে মহাৰাষ্ট্ৰ ৷ মহাৰাষ্ট্ৰত কৰ’নাত ২৬৮৪ জন আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৭৮ জন ৷