ভাৰতৰ উপকূলৰ সমীপত গুৰুত্বপূৰ্ণ পদক্ষেপ। মুম্বাইৰ ওচৰত আমেৰিকাৰ নিষেধাজ্ঞা জাৰি থকা ইৰাণসংযুক্ত তিনিখন তেল টেংকাৰ জব্দ কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে।
তথ্য অনুসৰি, আটক কৰা জাহাজ তিনিখন হৈছে Stellar Ruby, Asphalt Star আৰু Al Jafaria। অভিযোগ অনুসৰি, নিষেধাজ্ঞা এৰাই সাগৰৰ মাজতে এখন জাহাজৰ পৰা আন খন জাহাজলৈ তেল স্থানান্তৰ কৰি অবৈধ বাণিজ্য চলোৱা হৈছিল আৰু পৰিচয় সলনি কৰি সৰবৰাহৰ চেষ্টা কৰা হৈছিল।
এই পদক্ষেপৰ পাছতে কূটনৈতিক মহলত নতুন আলোচনা আৰম্ভ হৈছে। বহুতে প্রশ্ন তুলিছে— আমেৰিকাৰ স’তে ঘনিষ্ঠ সম্পৰ্কৰ মাজতে ভাৰতৰ এই পদক্ষেপে কি ইৰাণৰ স’তে সম্পৰ্কত নতুন উত্তেজনা সৃষ্টি কৰিব?
ইফালে, ঘটনাৰ পাছতে ইৰাণে জনাইছে যে আটক হোৱা টেংকাৰসমূহৰ স’তে তেওঁলোকৰ ৰাষ্ট্ৰায়ত্ত সংস্থাৰ কোনো সম্পৰ্ক নাই। দেশৰ সামুদ্ৰিক সুৰক্ষাৰ বাবে উপকূলত কঠোৰ নজৰদাৰীও বৃদ্ধি কৰা হৈছে।






























