সংশোধিত নাগৰিকত্ব আইন বিৰোধী আইন আন্দোলনৰ সময়ত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰা সন্দৰ্ভত চাবুৱা আৰক্ষী থানাত ৰজু হৈ থকা ২৮৯/২০১৯ নম্বৰৰ গোচৰৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে । কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে যোৱা চাৰি এপ্ৰিলত ১১০১১/৩৪/২০২০ এন আই এ নম্বৰৰ নিৰ্দেশনা মৰ্মে চাবুৱা আৰক্ষী থানাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১২০/১৪৭/১৪৮/১৪৯/৩৩৬/৩৫৩/৩২৬/৩০৭/১৫৩ আৰু বে আইনী কাৰ্যকলাপৰ ভিত্তিতে এক গোচৰ ৰজু কৰে। ইয়াৰ ভিত্তিতে সংশ্লিষ্ট গোচৰৰ এজাহাৰৰ প্ৰতিলিপি তদন্তকাৰী বিষয়াই এন আই এৰ বিশেষ আদালতত দাখিল কৰে। ইপিনে সংশ্লিষ্ট গোচৰৰ সকলো নথি এ এন আইক হস্তান্তৰৰ বাবে চাবুৱা আৰক্ষীক নিৰ্দেশ দিয়ে এ এন আইৰ বিশেষ আদালতে ৷ লগতে সংশ্লিষ্ট গোচৰৰ পৰৱৰ্তী শুনানীৰ বাবে এন আই এৰ বিশেষ আদালতে অহা ২৩ এপ্ৰিলৰ দিনটো ধাৰ্য কৰা বুলি অধিবক্তাই জনায়।
কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ
-
By publisher

- Categories: Uncategorized
- Tags: AKHIL GOGOICovid-19FIGHT AGAINST COVID-19
Related Content
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
By
publisher
April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
By
publisher
April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
By
publisher
April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত 'থাৰ'ৰ খুন্দাত প্রাণ গ'ল আঢ়ৈ বছৰীয়া কণমানি
By
publisher
April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
By
publisher
April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
By
publisher
April 23, 2026