দক্ষিণ কামৰূপৰ সোণতলীত তলাবন্ধৰ প্ৰভাৱ

Sontoli Sugarcane

সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা তলাবন্ধৰ কাৰ্যসূচীক চৰ চাপৰি অঞ্চলৰ লোকসকলে পূৰ্ণ সমৰ্থন জনাইছে যদিও বহুঅঞ্চলত লোকসকলৰ মাজত তীব্র খাদ্য সংকটে দেখা দিছে। ৰাজ্যত তলাবন্ধৰ ফলত কৃষকসকলেও বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।

দক্ষিণ কামৰূপৰ সোণতলী মৌজাৰ চৰাঞ্চল সমূহত আৰু বকো সমষ্টিৰ সোণতলী, মাহতলী, ৰাংগাপানী, ৰংগেশ্বৰী, চাউৰদিয়া, পানী খাইতী, আৰি কাটি, বৰদিয়া, নয়াপাৰা, লটুৰাদিয়া আদি কেইবাটাও অঞ্চলত কৃষকসকলে ব্যৱসায় ভিত্তিক খেতি কৰি আহিছে । বৰ্তমান তলাবন্ধৰ সময়ছোৱাত পথাৰত উৎপাদিত শাক-পাচলিকে ধৰি শ শ বিঘা কুঁহিয়াৰ নষ্ট হ’বলৈ ধৰাত অঞ্চলটোৰ কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সন্মূখীন হৈছে। উল্লেখ্য যে, অঞ্চলটোৰ কৃষকসকলে বেংকৰ পৰা ঋণ লোৱাৰ উপৰিও একাংশ লোকৰ পৰা টকা সূতত লৈ খেতি কৰিছিল। কিন্তু তলাবন্ধৰ অৱস্থাত উৎপাদিত শস্যবোৰ বিক্ৰী কৰিব নোৱাৰাত এতিয়া পথাৰতে নষ্ট হ’বলৈ ধৰিছে। সম্প্ৰতি এই পৰিস্থিতিৰ বাবে এতিয়া কৃষকসকলে চৰকাৰৰ ওচৰত সহায় বিচাৰি সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Exit mobile version