বিশ্ব স্বাস্থ্য সংস্থাক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ অস্বীকাৰ আমেৰিকাৰ

trump coronavirus omg 4

 

বিশ্ব স্বাস্থ্য সংস্থাক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিলে আমেৰিকাই ৷ মংগলবাৰে এই কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷লগতে ড’নাল্ড ট্ৰাম্পৰ ভাষ্য যে সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছৰ লগত মোকাবিলা কৰাত বিশ্ব স্বাস্থ্য সংস্থা ব্যৰ্থ হৈছে ৷চীনৰ ওপৰত ভৰষা কৰি বিশ্ব স্বাস্থ্য সংস্থাই ভুল তথ্য দিছে ৷যাৰ কাৰণে সম্প্ৰতি বিশ্বত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যাই ২০ গুণ অতিক্ৰম কৰিলে ৷ লগতে বিশ্বজুৰি দিয়া তলাবন্ধৰ কাৰণে বিভিন্ন দেশৰ অৰ্থনীতি সংকটৰ দিশে গতি কৰিছে ৷ ইফালে চীন আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ কৰ’না ভাইৰাছৰ সন্দৰ্ভত স্থিতিক পূৰ্বেই আৰ্থিক সাহাৰ্য প্ৰদান নকৰাৰ হুমকি দিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ।ইফালে চিকিৎসা আৰু গৱেষণাৰ কাৰণে বিগত বছৰত বিশ্ব স্বাস্থ্য সংস্থাক আমেৰিকাৰ পৰা দিয়া আৰ্থিক সাহাৰ্যৰ পৰিমাণ আছিল ৪০ কোটি ডলাৰ। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তক ইতিমধ্যে সমালোচনা কৰিছে বিভিন্ন ৰাজনৈতিক মহলে ৷বিশ্ব স্বাস্থ্য সংস্থাক আমেৰিকাৰ আৰ্থিক সাহাৰ্য দিয়াৰ সিদ্ধান্ত বাতিলৰ স্থিতিক কঠোৰ সমালোচনা কৰিছে মহাসচিব এন্ট’নিও গুয়েতেৰেচে কয় সম্প্ৰতি আমেৰিকাৰ বিশ্ব স্বাস্থ্য সংস্থাক আৰ্থিক সাহাৰ্য প্ৰদান নকৰাৰ সিদ্ধান্ত উচিত হোৱা নাইউল্লেখযোগ্য যে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত য়ুহান প্ৰদেশৰ পৰা আৰম্ভ হোৱা কৰ’না ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত প্ৰায় ২০ লক্ষাধিক লোক আক্ৰান্ত হৈছে ।মৃত্যু হৈছে প্ৰায় ১ লাখ ২৫ হাজাৰ জন ৷পৰিতাপৰ বিষয় এয়ে যে কৰ’না ভাইৰাছত এই পৰ্যন্ত সকলোতকৈ বেছি মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে আমেৰিকাত ।

Exit mobile version