মৃত্যু উপত্যকাত পৰিণত আমেৰিকা

urn publicid ap.org aae5dd84e21e4a189ea7529a4dde9fbf

মৃত্যু উপত্যকাত পৰিণত হৈছে আমেৰিকা। দেশখনত জনৰ মৃত্যু হৈছে আৰু আক্ৰান্ত হৈছে মুঠ জনৰ। পৰিস্থিতি দিনক দিনে শোচনীয় হ’বলৈ ধৰিছে। সম্প্ৰতি আমেৰিকাত আক্ৰান্তৰ সংখ্যা ৬ লক্ষাধিক অতিক্ৰম কৰিছে। ইয়াৰে ভিতৰত ২ লক্ষাধিক আক্ৰান্ত লোক নিউয়ৰ্কৰ। এই পৰিস্থিতিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক সংবাদমেলত কয় যে অদৃশ্য শক্তিৰ আক্ৰমণ নেওচি যুদ্ধ জয়ৰ বাবে প্ৰশাসনে চেষ্টা অব্যাহত ৰাখিছে। সুৰংগৰ শেষত তেওঁ পোহৰ দেখিছে বুলিও দাবী কৰে।

এই পৰিস্থিতিৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ বিৰুদ্ধে ক্ষোভ ওজাৰে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে। তেওঁৰ মতে, বিশ্বত ক’ৰণাৰ মুকাবিলাত সংস্থাটো ব্যৰ্থ হৈছে। ডব্লিউ এইচ অ’ৰ বিৰুদ্ধে চীনৰ প্ৰতি পক্ষপাতিত্বৰ অভিযোগ আনিছে ট্ৰাম্পয়ে। তেওঁ কয় যে ভৰসা কৰি বিশ্ব স্বাস্থ্য সংস্থাই ভুল তথ্য দিয়াৰ বাবে বিশ্বজুৰি আক্ৰান্তৰ সংখ্যা অনুমানতকৈ ২০গুণ বেছি হৈছে। এইদৰে অভিযোগ কৰি তেওঁ সংস্থাটোক প্ৰদান কৰা অৰ্থ সাহায্য বন্ধ কৰি দিয়ে। চিকিৎস্য আৰু গৱেষণাৰ বাবে বিগত বৰ্ষত আমেৰিকাই ৪০ কোটি ডলাৰ দিছিল সংস্থাক।

ট্ৰাম্পে কয়, ‘বৃহত্তম অৰ্থনৈতিক দেশ হিচাপে আমেৰিকাই আশাৰ পোহৰ দেখিছে যদিও চীনে প্ৰদান কৰা তথ্যৰ ওপৰত ভৰসা কৰি বিশ্ব স্বাস্থ্য সংস্থাই সকলো দেশকে প্ৰচুৰ ভুল তথ্য দি আহিছে। কিভাবে সংক্ৰমণ ৰোধ কৰাটো সম্ভৱ তাক লৈও ভুল পৰামৰ্শ দি আহিছে। তাৰ ফলত বিশ্ব জুৰি তলাবন্ধৰ বাবে বিভিন্ন দেশৰ অৰ্থনীতি সংকটৰ গৰাহত পৰিছে। আক্ৰান্তৰ সংখ্যাও ২০ গুণ বেছি হৈছে। কৰ্তব্য পালনত ব্যৰ্থ হৈছে বিশ্ব স্বাস্থ্য সংস্থা। ইয়াৰ উত্তৰ তেওঁলোকে দিব লাগিব। ক’ৰণা ভাইৰাছৰ উৎস চীন আৰু এই বিষয়টো লুকুৱাব বিচাৰিছে। সেয়ে এই সংস্থাক দিয়া সকলো অনুদান বন্ধৰ বাবে নিৰ্দেশ দিছে।

Exit mobile version