তলাবন্ধৰ সময়ত অসমৰ লক্ষাধিক মানুহ বহিঃৰাজ্যৰ বিভিন্ন অঞ্চলত আৱদ্ধ হৈ এক দূৰ্বিসহ পৰিস্থিতিত জীৱন কটাই আছে । বহিঃৰাজ্যত উপাৰ্জন তথা আশ্ৰয় হেৰুৱাই এক অসহনীয় অৱস্থাৰ মাজত দিন কটাই থকাৰ সময়ত পেটৰ ভোক আৰু জীৱনৰ অনিশ্চয়তাত হতাশ হৈ বহিঃৰাজ্যত খাদ্য বাসস্থানৰ অভাৱত হাবাথুৰি খাই জীৱনক তুচ্ছ জ্ঞান কৰি একাংশই আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি নিজগৃহলৈ অহাৰ চেষ্টা চলাইছে ৷ তেনেকৈ চেষ্টা চলাই আজি গুৱাহাটীৰ ৰিহাবাৰীৰ বাসিন্দা ব্ৰিটিছ বানাইৰ পুত্ৰ লক্ষণ বানাই নামৰ যুৱকজন শ্ৰীৰামপুৰত ৰেল আৰক্ষীৰ হাতত ধৰা পৰে।
জানিব পৰা মতে লক্ষণ বানাই নামৰ যুৱকজন কিষানগঞ্জত তলাবন্ধৰ সময়ত শ্ৰমিকৰ কাম হেৰুৱাত কোনো উপায় নাপাই অৱশেষত খোজকাঢ়ি গুৱাহাটী অভিমুখে যাত্ৰা কৰে ৷ ইয়াৰ পিছত শ্ৰীৰামপুৰ ৰেলষ্টেচন অতিক্ৰম কৰি ৰেলপথৰে যোৱাৰ সময়তে আৰক্ষীয়ে প্ৰত্যক্ষ কৰি আটক কৰে যুৱকজনক । আৰু যুৱকজনক প্ৰাথমিক চিকিৎসা কৰাই গোসাঁইগাঁও মহকুমাৰ বল্লমগুৰী স্থিত কোৱাৰেন্টাইন শিবিৰত ১৪ দিনৰ বাবে আৱদ্ধ কৰে । উল্লেখযোগ্য যে তলাবন্ধৰ ফলত বিভিন্ন অঞ্চলত আৱদ্ধ হৈ পৰা মানুহক উদ্ধাৰ কৰি নিজগৃহ লৈ পঠোৱাৰ ব্যৱস্থা নকৰিলে পৰিস্থিতি ভয়াৱহ হোৱাৰ ইংগিত বহন কৰিছে বুলি সচেতন ৰাইজে মন্তব্য কৰিছে ৷