কন্যাসন্তানৰ  ক্ৰন্দনতে পিতৃয়ে লৈছিল অসম্ভৱক সম্ভৱ কৰাৰ সিদ্ধান্ত 

Screenshot 20200417 193828

বেঁকা পেডেল, চকা দুটাত  আছে দুডাল মান স্প’ক, বাকী বোৰ ভঙা, হেণ্ডেলৰ অৱস্থাও তথৈবচ, আসন খনো কঠিন , এনে এখন ভগ্ন চাইকেলেৰে সাতশ কিলোমিটাৰ পথ অতিক্ৰম কৰি নিজ বাসভৱনত উপস্থিত হয়হি পশ্চিমবংগৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী। নিজৰ কণমানি কন্যা সন্তানটিৰ ক্ৰন্দন শুনি স্থিৰ হৈ থাকিব নোৱাৰি আস্তাব আলী শ্বেইখ নামৰ ক্ষুদ্ৰ ব্যৱসায়ী জনে ভঙা চাইকেল লৈয়ে নদী, নলা অতিক্ৰম কৰি  ডোমকালৰ মাণিক নগৰ গাঁৱত উপস্থিত হয়। তলাবন্ধৰ বাবে বালাৰ ব্যৱসায় কৰা আস্তাব উত্তৰপ্ৰদেশৰ  এখন ভিতৰুৱা চহৰত আবদ্ধ হৈ পৰিছিল । তেওঁৰ লগত আছিল মাত্ৰ বাৰ শ টকা আৰু এটা আধা ভঙা ম’বাইল ফোন । প্ৰায় দুমাহ পূৰ্বেই বালা বিক্ৰী কৰিবলৈ বিহাৰ আৰু উত্তৰ প্ৰদেশলৈ যায়। বিগত ১০বছৰ ধৰি বিভিন্ন ৰাজ্যত আস্তাবে বালাৰ ব্যৱসায় কৰি আহিছে।

ডোমকালৰ বাজিতপুৰ গাঁৱৰ বালাৰ খ্যাতি সমগ্ৰ দেশতে আছে । এই বালাৰ ব্যৱসায় কৰিয়ে আস্তাবে পোহপাল দিয়ে নিজৰ পৰিয়ালটোক । কন্যা সন্তানৰ ক্ৰন্দন ফোনত শুনাৰ পাছতে আস্তাব থাকিব নোৱাৰা হৈ পৰে আৰু তেওঁ নিজ ৰাজ্যৰে এজন যুৱকৰ পৰা ১২শ টকা ধাৰলৈ লৈ এখন ভগ্নপ্ৰায় চাইকেল যোগাৰ কৰি উত্তৰপ্ৰদেশৰ বালিয়াৰ পৰা নিজৰ গাওঁ অভিমুখে ৰাওনা হয়। আহি থাকোঁতে ৰাস্তাত চাইকেল খনো একেবাৰে  বিকল হৈ পৰে । অৱশেষত আন এখন চাইকেল যোগাৰ কৰিবলৈ আস্তাবে অঞ্চলটোৰ স্থানীয় বহু লোকৰ ওচৰতো হাতযোৰ কৰি প্রার্থনাও কৰিলে । শেষত ১২শ টকাৰে আন এখন ভঙা চাইকেল ক্ৰয় কৰিবলৈ তেওঁ সক্ষম হয়। শেষত পাঁচ দিন চাইকেল চলাই নিজগৃহত উপস্থিত হোৱাৰ পাছত আস্তাবে কয়,’ঘৰলৈ উভতি অহা যে কি শান্তিৰ’।

যাত্ৰাকালত আস্তাৱক বহু স্থানীয় লোকে সাহাৰ্য্য দিছিল তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে এগৰাকী বৃদ্ধাই তেওঁৰ দুৰ্দশা শুনি নিজৰ ঘৰৰ পৰা খাদ্য আনিও  যোগান ধৰিছিল আৰু এখন স্কুলত নিশা কটোৱাৰ ব্যৱস্থাও কৰি দিছিল । কোনো কোনোৱে যদি যোগান ধৰিছিল চাহ-পানীৰ, কোনোৱে নিজৰ ঘৰৰ বাৰাণ্ডাত নিশা থকাৰ ঠাই উলিয়াই দিছিল। আস্তাব এতিয়া কোৱাৰেণ্টাইনত আছে । ঘৰ আহি পোৱাৰ পাছত চিকিৎসকে আস্তাবৰ স্বাস্থ্যপৰীক্ষা কৰি ১৪ দিনৰ কোৱাৰেণ্টাইনত থকাৰ পৰামৰ্শ দিয়ে।

Exit mobile version