কৰ’না মুক্ত কৰাৰ লক্ষ্য

IMG 20200417 WA0080

অ’ এন জি চি যোৰহাটৰ সামাজিক দায়বদ্ধতা বিভাগে মাৰাত্মক কভিড-১৯ ৰোগীৰ চিকিৎসাৰ্থে গোলাঘাট আৰু যোৰহাট জিলাৰ  উপায়ুক্তক মুঠ ৪৯,১৭,৭৫৫ টকাৰ অৰ্থ সাহাৰ্য আগবঢ়ায় । ইয়াৰে গোলাঘাট জিলালৈ কভিড-১৯ৰ ৰোগীৰ চিকিৎসাৰ্থে ডেটল, চাবোন, কম্বল, কাপোৰ, চেনিটাইজাৰ, মাস্ক আদি সামগ্ৰীৰ কাৰণে ৯.৮৬ লাখ টকা, বিছনা, গাৰু, বিছনা চাদৰ, আঁঠুৱা আদি সামগ্ৰীৰ কাৰণে ৯.৮৯ লাখ টকা আৰু জিলাখনৰ ধনশিৰি মহকুমাৰ ৮,১০০ পৰিয়ালক ২,২২৫ টা বিভিন্ন সামগ্ৰীৰ বিতৰণৰ কাৰণে ৯.৯৭ লাখ টকা অৰ্থাৎ মুঠ ২৯.৭২ লাখ টকাৰ বৃহৎ ধন ৰাশিৰ চেক আজি জিলা উপায়ুক্তৰ হাতত অৰ্পণ কৰে।

ADVERTISEMENT

আজি জিলা উপযুক্তৰ কাৰ্যালয়ত জিলা উপায়ুক্ত  বি চি মোডীৰ হাতত অৰ্থ সাহাৰ্যৰ চেক প্ৰদান অনুষ্ঠানত যোৰহাট অ’ এন জি চিৰ বেছিন মেনেজাৰ পুনিত চুৰি, যোৰহাট অ’ এন জি চিৰ উচ্চ পদস্থ বিষয়া ক্ৰমে জি কে গ’খলে, সতিশ কুলি, পৱন বৰগোহাঁই, যোৰহাট অ’ এন জি চিৰ অনুসূচীত জাতি আৰু জনজাতি উন্নয়ন সমিতিৰ অধ্যক্ষ সুভাষ পায়েং উপস্থিত থাকে। ইপিনে কালি যোৰহাট জিলা উপায়ুক্তক কভিড-১৯ৰ ৰোগীৰ চিকিৎসাৰ সুবিধাৰ্থে ১৯,৪৫,৭৫৫ টকাৰ অৰ্থ সাহাৰ্যৰ চেক প্ৰদান কৰে বুলি যোৰহাট অ’ এন জি চিৰ অনুসূচীত জাতি আৰু জনজাতি উন্নয়ন সমিতিৰ অধ্যক্ষ সুভাষ পায়েঙে জনাইছে।

আনহাতে,  ৫০ শতাংশ বিষয়া কৰ্মচাৰীয়ে চৰকাৰ তথা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখি যোৰহাটত অ’ এন জি চিৰ কাম কাজ চলাই আছে বুলি  বেছিন মেনেজাৰ পুনিত চুৰিয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ কভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতত প্ৰয়োজন অনুসৰি আৰু অথিক অৰ্থ সাহাৰ্য আগবঢ়াব বুলিও  সংবাদ মাধ্যমক জানিবলৈ দিয়ে বেছিন মেনেজাৰ পুনিত চুৰিয়ে।

Exit mobile version