নজনা বিষয় এটা জানিবলৈ বৰ্তমান সময়ৰ একেবাৰে সহজ মাধ্যম গুগল । যিকোনো মনৰ উৎসুকতা দূৰ কৰে গুগলে। মহামাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সমগ্ৰ দেশত চলি আছে তলাবন্ধ। গৃহ বন্দী হৈ আছে ভাৰতবাসী।আপোনালোকে জানেনে এই তলাবন্ধৰ সময়ছোৱাত ভাৰত বাসীয়ে ইণ্টাৰনেটত সবাতোকৈ কিহৰ সন্ধান কৰিছে ? বিগত ৩সপ্তাহত গুগলত ভাৰতবাসীয়ে বেছিকৈ জানিব বিচাৰিছে কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ উপায়ৰ বিষয়ে । এই সংক্ৰান্তত প্রায় এক কোটিৰো অধিক বাৰ গুগল ছাৰ্চ কৰা হয় । কেৱল ভাৰততে তলাবন্ধৰ পৰিস্থিতি বা ‘লকডাউন ছিটুৱেচন ইন ইণ্ডিয়া’ৰ বিষয়ে জানিবলৈ বিগত ৩ সপ্তাহত গুগলত ভাৰতৰ পৰা এক লাখৰো অধিকবাৰ ছাৰ্চ কৰা হয়।ভাৰতত তলাবন্ধৰ ম্যাদ কিমান বৃদ্ধি পালে ,সেয়া জানিবলৈ গুগলত ছাৰ্চ কৰিছে ১০লাখৰো অধিক বাৰ। ক’ভিড-১৯ ট্ৰেকাৰৰ সম্পৰ্কে জানিবলৈ ভাৰতৰ পৰা এক লাখে ছাৰ্চ কৰিছে । লগতে ভাৰতত ইয়াৰ প্ৰভাৱ কিমান জানিবলৈ ছাৰ্চ কৰিছে ২০হেজাৰৰ অধিক ।
শেহতীয়াকৈ ভাৰতৰ পৰা বিগত ৩সপ্তাহত ছয় লাখৰো অধিক বাৰ গুগলত ছাৰ্চ কৰিছে হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ ঔষধ বিধৰ সন্দৰ্ভত । ৰোগৰ ধৰণ ,জীৱানু, ঔষধ সমান্তৰালকৈ জানিব বিচাৰিছে কৰ’না ভাইৰাছৰ উপসৰ্গ সম্পর্কেও । আৰোগ্যসেতু এপক লৈ ছাৰ্চ কৰিছে ২ লাখৰো বেছি ভাৰতবাসীয়ে । এই এপ ইনষ্টল কৰিব বিচাৰি গুগল কৰা হৈছে ৩ লাখৰ বেছি । এপটো ডাউনলোডৰ বাবে ছাৰ্চ কৰিছে এক লাখৰো অধিক বাৰ । বিগত তিনি সপ্তাহত আইভাৰমেক্টিন ঔষধ সম্পৰ্কেও ৫০হাজাৰৰ অধিক বাৰ গুগল কৰা হৈছে । পিপিই কিটৰ প্ৰসংগত কৰা হৈছে ৫০হাজাৰৰো অধিক ছাৰ্চ । সেইদৰে কৰ’না ভাইৰাছ প্ৰতিৰোধত দেশজুৰি চিহ্নিত ‘হটস্পট’ৰ বিষয়ে জানিবলৈ ছাৰ্চ কৰা হৈছে ১০হাজাৰৰো অধিক।