নীতি ভংগ কৰি চীনে নিম্ন পৰ্যায়ৰ পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছেঃ অভিযোগ আমেৰিকাৰ 

Screenshot 20200417 145418 1

কৰ’নাৰ আক্ৰমণক লৈ আমেৰিকা আৰু চীনৰ মাজত বৃদ্ধি পাইছে চেপা উত্তেজনা ৷ মাৰ্কিন ষ্টেট ডিপাৰ্টমেণ্টে বৃহস্পতিবাৰে এক প্ৰতিবেদনত উল্লেখ কৰে যে আন্তৰ্জাতিকভাৱে নিষেধাজ্ঞা থকা সত্ত্বেও চীনে হয়তো গোপনে নিম্ন পৰ্যায়ৰ আণ্ডাৰগ্ৰাউণ্ড পাৰমাণৱিক বোমা পৰীক্ষামূলক বিস্ফোৰণ ঘটাইছে ।আমেৰিকাৰ এই অভিযোগে ইতিমধ্যে জটিল হৈ পৰা চীন আৰু আমেৰিকাৰ সম্পৰ্ক অধিক ক্ষতিগ্ৰস্ত কৰিব পাৰে বুলি কোৱা হৈছে ৷ আমেৰিকাৰ মতে চীনৰ উহানত ২০১৯ ত আৰম্ভ হোৱা কৰ’নাৰ সংক্ৰমণ সন্দৰ্ভত দেশখনৰ বিভ্ৰান্তিমূলক আৰু মিছা তথ্যই সমগ্ৰ বিশ্বকে এতিয়া বিপদত পেলাইছে ৷ আমেৰিকাই উদ্বেগ প্ৰকাশ কৰে যে ২০১৯ ত চীনৰ ল’প নুৰ নিউক্লিয়েৰ টেষ্ট ছাইট’ত চীনে ঘটোৱা পৰীক্ষামূলক বিস্ফোৰণে “জিৰো ইয়েল্ড” নীতি ভংগ কৰিছে ৷ জিৰো ইয়েল্ড হৈছে পাৰমাণৱিক পৰীক্ষাৰ এনে এক স্থিতি যাৰ দ্বাৰা বিস্ফোৰণৰ ফলত দীঘলীয়া কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি নহয় ৷

আমেৰিকাৰ প্ৰতিবেদনত প্ৰকাশ যে পাৰমাণৱিক বিস্ফোৰণ বছৰজোৰা কাৰ্যকলাপত চীনে স্বচ্ছতা ৰক্ষা কৰা নাই। তদুপৰি এনে পাৰমাণৱিক বিস্ফোৰণ নিৰীক্ষণ কৰি থকা আন্তৰ্জাতিক সংস্থাৰ চকুত ধূলি দিবলৈ বেইজিঙে ছেনছ’ৰৰ জৰিয়তে ডাটা সৰবৰাহ ব্লক কৰি স্বচ্ছতা ৰক্ষা নকৰা বুলি আমেৰিকাই অভিযোগ কৰিছে ৷ পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰ সুৰক্ষা নিশ্চিতকৰণৰ বাবে এনে কাৰ্যকলাপত অনুমোদনকাৰী সংস্থা ১৯৯৬ ত গঠিত কম্প্ৰিহেনছিভ টেষ্ট বেন ট্ৰিটী অৰ্থাৎ চি টি বি টিৰ মুখপাত্ৰই কয় যে ২০১৯ ৰ আগষ্টৰ পৰা চীনৰ পাঁচটা ছেনছ’ৰ ষ্টেচনৰ পৰা সৰবৰাহ কৰা ডাটাৰ ক্ষেত্ৰত কোনো ব্যাঘাত জন্মা নাই ।অৱশ্যে ২০১৮ ৰ পৰা ২০১৯ ৰ আগষ্টৰ শেষলৈ এই ক্ষেত্ৰত ব্যাঘাতৰ সৃষ্টি হৈছিল ৷ চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ঝাও লিজিয়েনে বেইজিঙত সাংবাদিকক কয় যে আমেৰিকাই মিছা অভিযোগ উত্থাপন কৰিছে ৷ পাৰমাণৱিক পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা পালনৰ ক্ষেত্ৰত চীন অংগিকাৰবদ্ধ বুলিও মুখপাত্ৰজনে কয় ৷ তেওঁ কয় যে এই ক্ষেত্ৰত আন্তৰ্জাতিক দায়বদ্ধতা পালন কৰি চীনে দায়িত্বশীল মনোভাব গ্ৰহণ কৰিছে । আমেৰিকাই চীনৰ বিৰুদ্ধে কৰা সমালোচনা ভিত্তিহীন আৰু মনে সজা বুলি তেওঁ নসাৎ কৰে।

Exit mobile version