অৱশেষত কৰ’না সন্দৰ্ভত তথ্য গোপনৰ চেষ্টা ফাদিল চীনৰ

Google

Google

কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা গণনাত ভুল হৈছিল ৷এইদৰেই মৃতকৰ তথ্য গোপন কৰা অভিযোগৰ সন্দৰ্ভত স্পষ্টীকৰণ দিলে চীনৰ উহান প্ৰদেশৰ প্ৰশাসনে ৷লগতে উহান প্ৰশাসনে স্বীকাৰ কৰিলে যে আক্ৰান্ত হৈ প্ৰদেশখনত অধিক লোকৰ মৃত্যু হৈছিল ৷তেওঁলোকে জনাইছে যে উহানত ভাইৰাছৰ সংক্ৰমণত যিমান লোকৰ মৃত্যু হোৱা বুলি চৰকাৰীভাৱেে ঘোষণা কৰা হৈছিল। প্ৰকৃত সংখ্যাটো তাতকৈ ৫০ শতাংশৰ অধিক। উল্লেখযোগ্য যে চীনৰ উহানতে কৰ’না ভাইৰাছে প্ৰথম সংক্ৰমণ আৰম্ভ হৈছিল ৷
প্ৰথম অৱস্থাত প্ৰদেশখনত ভয়াৱহ ৰূপ ধাৰণ কৰে যদিও পৰৰ্ৱতী সময়ত বিশ্বৰ আন দেশৰ তুলনাত উহানত কৰ’নাৰ প্ৰভাৱ ম্লান পৰিবলৈ ধৰে ।ইতিমধ্যে উহানক কৰ’নামুক্ত বুলি ঘোষণা কৰা হৈছে আৰু অঞ্চলটোৰ স্বাভাৱিক পৰিৱেশো ক্ৰমাৎ ঘূৰি আহিছে ৷প্ৰথম চৰকাৰীভাৱে ঘোষণা কৰা হৈছিল যে ক’ভিড ১৯ ত আক্ৰান্ত হৈ উহানত ২,৫৭৯ জন আৰু সামগ্ৰিকভাৱে চীনত ৩,৩৪২ জনৰ মৃত্যু হৈছিল ।কিন্তু বিগত কিছুদিনৰ পৰাই বিভিন্ন পক্ষই মৃতকৰ ক্ষেত্ৰত চীনে প্ৰকৃত তথ্য গোপন কৰা বুলি গণনাত ভুল হৈছিল ।
লগতে প্ৰদেশখনত মৃত্যু হোৱা লোকৰ প্ৰকৃত হিচাপো উল্লেখ কৰা হৈছে ৷এই হিচাপ অনুসৰি পূৰ্বৰ ঘোষণাৰ পৰিৱৰ্তে উহানত মৃতকৰ সংখ্যা ১,২৯০ জন বৃদ্ধি পালে ৷ফলত উহানত মৃত্যু হোৱা প্ৰকৃত তথ্য হৈছে ৩,৮৬৯ জন ৷আনহাতে সমগ্ৰ চীনত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪,৬৩২ জন ৷চীনত এই বৃদ্ধিৰ হাৰ ৩৯ শতাংশ।বেইজিঙৰ চৰকাৰী ভাষ্য অনুসৰি উহানৰ বজাৰৰ পৰাই কৰ’না ভাইৰাছ বিয়পি পৰিছে নে আন কোনো প্ৰকাৰে সংক্ৰমিত হৈছে,সেই বিষয়ত পশ্চিমৰ দেশসমূহ আৰম্ভণিৰে পৰাই সংশয় ব্যক্ত কৰি আহিছে ৷আনকি উহানত মৃতকৰ সংখ্যাৰ সন্দৰ্ভত দিয়া চৰকাৰী বিবৃতিকো বহু দেশে মানি ল’ব পৰা নাছিল ৷
Exit mobile version