আমেৰিকাত মাত্ৰ ২৪ ঘন্টাতে অভিলেখ সংখ্যকৰ কৰ’না ভাইৰাছত মৃত্যু

Google

Google

মৃত্যুৰ তাণ্ডৱলীলা অব্যাহত আছে আমেৰিকাত ৷বিগত মাত্ৰ ২৪ ঘন্টাত দেশখনত ৪৪৯১ জনৰ মৃত্যুয়ে অভিলেখ গঢ়িছে ৷সম্প্ৰতি দেশখনত কৰ’না ভাইৰাছত আক্ৰান্তৰ ফলত মৃতকৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক ৩২,৯১৭ জন ৷হোৱাইট হাউছৰ মতে,নিউয়ৰ্কত বহু লোকৰ কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি সন্দেহ আছে ৷এওঁলোকৰ বহুতৰে মৃত্যুৰ কাৰণ নিশ্চিত কৰা হ’ব ৷
২৪ ঘন্টাৰ মৃতকৰ সংখ্যাৰ ভিতৰত ক’ভিড ১৯ ত সম্ভাব্য মৃত্যুৰ সংখ্যাও গণ্য কৰা হৈছে ৷পূৰ্বে এই পৰিসংখ্যা সংযোজন কৰা হোৱা নাছিল ৷চলিত সপ্তাহত নিউয়ৰ্ক চিটিৰ প্ৰশাসনে ঘোষণা কৰে যে মৃতকৰ সংখ্যাৰ স’তে কৰ’না ভাইৰাছৰ সাম্ভাৱ্য ৩৭৭৮ জনৰ মৃত্যু সংযোজন কৰা হৈছে। কেৱল নিউয়ৰ্কতে এই ভাইৰাছত ১২ হেজাৰৰো অধিক লোকৰ মৃত্যু হৈছে ৷এই পৰ্যন্ত দেশখনত ৬,৬৭,৮০০ টা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইতিমধ্যে মাৰ্কিন অৰ্থনীতি কাৰ্যকলাপ পৰ্যায়ক্ৰমে আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে ৷
তেওঁ বিভিন্ন ৰাজ্যৰ গৱৰ্ণৰসকলৰ স’তে আলোচনা কৰি পৰ্যায়ক্ৰমে তলাবন্ধ প্ৰত্যাহাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি কৈছিল ৷তেওঁ কৈছিল যে কৰ’না ভাইৰাছত মৃত্যু আৰু আক্ৰান্তৰ সৰ্বোচ্চ শিখৰ আমেৰিকাই অতিক্ৰম কৰিলে ৷লগতে ট্ৰাম্পে কয় যে তলাবন্ধৰ নীতি নিয়ম সলনি কৰা হ’ব। ইয়াৰ মাজতে মৃত্যুৰ এই পৰিসংখ্যাই স্বাভাৱিকতে ট্ৰাম্পৰ উদ্বেগ বৃদ্ধি কৰিছে ৷
Exit mobile version