এয়াৰ ইণ্ডিয়াই কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৩ মে’ আৰু আন্তঃৰাষ্ট্ৰীয় বিমানসমূহৰ ক্ষেত্ৰত ৩১ তাৰিখলৈকে টিকট বুকিঙৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও ৪ মে’ৰ পৰা ঘৰুৱা বিমানৰ টিকট বুকিং কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ এয়াৰ ইণ্ডিয়াই প্ৰথমতে ৪ মে’ৰ পৰা ঘৰুৱা বিমান সেৱা আৰু ১ জুনৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান উৰণৰ কাৰণে টিকট বুক কৰাৰ সিদ্ধান্ত লৈছে ৷ লগতে বিমান উৰণৰ সময়ত স্বাস্থ্য মন্ত্ৰ্যালয়ৰদ্বাৰা সকলো পৰীক্ষা নিৰীক্ষা কৰা হ’ব বুলিও জানিবলৈ দিয়ে এয়াৰ ইণ্ডিয়াই ৷ প্ৰথমতে মেট্ৰ’ চহৰসমূহত বিমানসমূহ চালিত কৰা হ’ব যদিও অনাগত সময়ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিহে বিমানসমুহৰ উৰণত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । কৰ’না ভাইৰাছৰ প্ৰতিৰোধ কৰিবলৈ ৰেল,বাছৰ লগতে যাতায়তৰ সকলো ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল ৷এয়াৰ ইণ্ডিয়াই ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত উৰা বিমানসমূহৰ ক্ষেত্ৰত প্ৰথমতে ১৪ এপ্ৰিললৈ আৰু পিছত প্ৰধানমন্ত্ৰী মোডীয়ে তলাবন্ধ ৩ মে’লৈ বৃদ্ধি কৰাত বিমানৰ উৰণৰ ম্যাদ পৰিৱৰ্তন কৰিছিল ৷ অৱশ্যে এতিয়া যাত্ৰীসকলে বিমানৰ টিকট বুকিং কৰিলেও বিমানকৰ্তৃপক্ষই কৰ’না ভাইৰাছৰ ক্ষেত্ৰত ল’ব লগা সকলো সাৱধানতা অৱলম্বন কৰিব ৷
তলাবন্ধৰ পিছত পুনৰ আৰম্ভ হ’ব বিমান সেৱা
-
By publisher

ADVERTISEMENT
- Categories: Uncategorized
- Tags: Air IndiaCovid-19INDIA FIGHTS COVID-19
Related Content
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
By
publisher
April 19, 2025
মাজ আকাশতে দুৰ্যোগ!
By
publisher
April 11, 2025
তিনিচুকীয়া চহৰত আকৰ্ষণীয় বহাগী মেলা
By
publisher
April 10, 2025
তিনিচুকীয়াত মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থীৰ
By
publisher
April 10, 2025
মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন চলাই চাকৰি হেৰুৱালে স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ সহায়কে
By
publisher
April 10, 2025