কাইলৈৰ পৰা কাৰ্যালয়ত ৰোষ্টাৰ পদ্ধতিত ৩৩ শতাংশৰ উপস্থিতিৰ নিৰ্দেশ

956734 mha

মৃত্যুদূতৰূপী কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত দেশব্যাপী অব্যাহত তলাবন্ধ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশমৰ্ম অহা ২১ এপ্ৰিলৰ পৰা কিছু পৰিমাণে শিথিল হ’ব। ইয়াৰ পৰিপ্ৰক্ষিততে অহা ২১ এপ্ৰিলৰ পৰা ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱনকে ধৰি বিভিন্ন প্ৰান্তত থকা চৰকাৰী কাৰ্যালয়সমূহত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ ৩৩ শতাংশ উপস্থিতি ৰোষ্টাৰ পদ্ধতিত নিশ্চিত কৰাৰ বাবে মাণ্ডলীক আয়ুক্ত,প্ৰতিখন জিলাৰ উপায়ুক্ত প্ৰতিটো মহকুমাৰ মহকুমাধিপতি তথা বিভাগীয় মুৰব্বীসকলক নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে ৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে যোৱা ১৫ এপ্ৰিলত জাৰি কৰা ৪০-৩/২০২০/ডি এম-১( ক) নিৰ্দেশনাৰ বিভাগৰ আয়ুক্ত সচিব ড° এম অংগ মুথুই জি এ জি (বি) ১২২/২০২০/২৪  নম্বৰযোগে এই নিৰ্দেশনা জাৰি কৰে  ৷লগতে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসনৰ বিভ আয়ুক্ত সচিব এই সম্পৰ্কত এছ(ই)১০৮/২০১৮/৭৫ নম্বৰযোগে এখন স্মাৰক প্ৰকাশ কৰে। সচিবালয়ৰ এক শীৰ্ষ সূত্ৰই আজি এই কথা সদৰী কৰি জনোৱা মতে,কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিত চৰকাৰী কাৰ্যালয়ত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৩৩ শতাংশ কৰ্মচাৰীৰ উপস্থিতি ৰোষ্টাৰ পদ্ধতিত নিশ্চিতকৰণৰ বাবে ইতিমধ্যে বিভাগীয় মুৰব্বীসকলক নিৰ্দেশ দিয়া হৈছে ৷

এই সময়ছোৱাত অৱশ্যে ঘৰত থকা সংশ্লিষ্ট কৰ্মচাৰীসকলে টেলিফোন,ম’বাইল অথবা ইন্টাৰনেটৰ মাধ্যমৰে সংশ্লিষ্ট কাৰ্যালয়ৰে যোগাযোগত থাকিব লাগিব ৷কাৰ্যালয়ৰ পৰা বিচৰা সময়ত যদি সংশ্লিষ্ট কৰ্মচাৰীসকলৰ পৰা প্ৰয়োজনীয় সঁহাৰি পোৱা নাযায়,তেন্তে তেনে কৰ্মচাৰীক সিদিনা ছুটী উপভোগ কৰা বুলি গণ্য কৰা হ’ব ৷লগতে ৰোষ্টাৰ পদ্ধতিত ঘৰত থকা কৰ্মচাৰীসকলে যিকোনো সময়ত কাৰ্যালয়ত উপস্থিত হ’বলৈ নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিব ।তদুপৰি কাৰ্যালয়ত উপস্থিত থকাৰ সময়ত তথা কৰ্তব্য সমাপন কৰা সময়ত সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব ৷ ইপিনে ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱনকে প্ৰমুখ্যে কৰি বিভিন্ন প্ৰান্তৰ চৰকাৰী কাৰ্যালয়সমূহত তলাবন্ধৰ সময়ত উপ সচিব পৰ্যায়ৰ বিষয়া আৰু ইয়াৰ ওপৰৰ আমোলাৰ লগতে থাকিব লাগিব ৷প্ৰতিদিনে কাৰ্যালয়ত উপস্থিত থাকিব লাগিব আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসকলে প্ৰয়োজন সাপেক্ষে কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ৷ইয়াৰ বাবে প্ৰতিটো বিভাগৰ মুৰব্বীসকলৰ লগতে প্ৰতিজন জিলাৰ উপায়ুক্তই এই ক্ষেত্ৰত সুকীয়া সুকীয়াকৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিব পাৰিব বুলিও সংশ্লিষ্ট নিৰ্দেশনাত উল্লেখ থকা বুলি সুত্ৰটোৱে জনায় ৷

Exit mobile version