কোৱাৰেন্টাইনৰ সময়ত স্বামী আৰু পুত্ৰৰ পৰা উপহাৰ লাভ কৰীনা কাপুৰ খানৰ

সমগ্ৰ বিশ্বত মহামাৰীৰ কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ অব্যাহত আছে তলাবন্ধৰ কাৰ্যসূচী ৷ এনে সময়ত হলীউড,বলীউডৰ লগতে মনোৰঞ্জন জগতৰ লগত জৰিত সকলোৱে নিজৰ দৈনন্দিন কৰ্মৰ পৰা অব্যাহতি লৈ নিজৰ ঘৰতেই সময় কটাইছে ৷ তলাবন্ধৰ সময়ত অভিনেত্ৰী কৰিনা কাপুৰ খানে ইনষ্টাগ্ৰামত তিনিখন ফ’টো শ্বেয়াৰ কৰিছে ৷
Screenshot 20200419 201922
ইয়াৰে এখনত কৰীনা কাপুৰ খানৰ স্বামী চৈইফ আলী খান,এখনত পুত্ৰ টেইমুৰ আৰু আনখনত নিজৰ ফ’টো শ্বেয়াৰ কৰিছে ৷ লগতে কৰীনাই ফ’টো কেইখনত বিভিন্ন ধৰণৰ এক্সপ্ৰেশ্যন দিছে। কৰীনাৰ প্ৰথম ফ’টোখনত দেখা গৈছে স্বামী চৈইফ আলী খানে ঘৰৰ ৱালত বিভিন্ন ফুলৰ ছবি আঁকিছে ৷ লগতে কৰীনাই ফ’টোখনৰ স’তে লিখিছে “চৈইফে কৈছিল যে মোক ফুল আনি দিব,মনলৈ বিভিন্ন ভাব আহিছিল ৷কোৱাৰেন্টাইনৰ উপহাৰ এনেকুৱাই ” ৷
ইফালে, দ্বিতীয় ছবিখনত দেখা গৈছে যে চৈইফ আৰু কৰীনাৰ পুত্ৰ টেইমুৰেও পিতৃক দেখি ছবি অকাঁত ব্যস্ত হৈ পৰিছে । এই ফ’টো খনত কৰীনাই লিখিছে” যদি কোনো ৱালে আপোনাৰ সৃষ্টিশীলতাক পৰিচয় দিব পাৰে,তেন্তে তাত ছবি আঁকক ” । আৰু শেষত কৰীনাই নিজৰ ফ’টো এখন দি লিখিছে “ইয়াৰ মাজতে মই বহি চাই ভাবিছো যে তেওঁলোকে প্ৰকৃততে কি আঁকিছে ৷
উল্লেখযোগ্য যে সম্প্ৰতি কৰ’না ভাইৰাছৰ কাৰণে বলীউডৰ বহু ছবিৰ দৃশ্যগ্ৰহণ বাতিল কৰা হৈছে ৷ লগতে বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ লগতে কৰ’না ভাইৰাছে প্ৰভাৱ পেলাইছে বলীউডত ৷ গতিকে চলচ্চিত্ৰ প্ৰেমীসকলে অচিৰেই বলীউডৰ ছবি ছোৱাৰ আশা ব্যক্ত কৰিছে ৷
Exit mobile version