হাইদৰাবাদৰ পৰা আহি পালে নলবাৰীৰ ৩ যুৱক

coronavirus14

দেশজুৰি চলি থকা তলাবন্ধৰ সময়তে হাইদৰাবাদৰপৰা আহি নলবাৰীত উপস্থিত হয় তিনি যুৱক। যোৱা ১৬ মাৰ্চৰ পুৱা হাইদৰাবাদৰপৰা এম্বুলেন্সৰে অহা যুৱক তিনিজনে যাত্ৰাপথত কোনো অসুবিধা নোহোৱাকৈয়ে উপস্থিত হ’বলৈ সক্ষম হয়। উল্লেখ্য যে, নলবাৰী চহৰৰ বৰমা ৰোড নিৱাসী আবেদ আলীৰ পুত্ৰ গৌৰৱ বাবা নামৰ যুৱকজনৰ দুৰ্ঘটনাজনিত কাৰণত চকু এটা বেয়া হৈ পৰাত তেওঁৰ ঘৰৰ ওচৰৰ দুজন যুৱক ক্ৰমে আছিফ ইজাজ আৰু মন্টু আলীয়ে নলবাৰীৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটীৰ চিকিৎসকৰ পৰামৰ্শ মৰ্মে হাইদৰাবাদলৈ নিছিল।

চিকিৎসাৰ অন্তত ১৬ এপ্ৰিলত হাইদৰাবাদৰ পৰা অসম অভিমুখে ৰাওনা হোৱাৰ পিছত আজি নলবাৰীত উপস্থিত হয় যুৱক তিনিজন। যুৱক তিনিজন বৰমা ৰোডত প্ৰৱেশ কৰাৰ লগে লগে স্বাস্থ্যবিভাগৰ তৎপৰতাত যুৱককেইজনক নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ লৈ আহি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত চিকিৎসকে হোম কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়ে।

Exit mobile version