অসমত মুকুতা খেতিৰ বাটকটীয়া ধিং বেছামাৰীৰ ৰুলেন হাজৰিকাৰ এক নতুন উদ্ভাৱন

IMG 20200420 170807
অসমত মুকুতা খেতিৰে এক নতুন অধ্যায়ৰ সুচনা কৰা নগাঁও জিলাৰ ধিং বেছামাৰীৰ উচ্চ শিক্ষিত উদ্যমী যুৱক-আদৰ্শ কৃষক ৰুলেন হাজৰিকাই মাটি-বোকা অবিহনেই এক অভিনৱ পদ্ধতিৰে ধানৰ কঠিয়া পৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।ডাঙৰ ট্ৰে, চৰিয়া আদিতে মাটি-বোকা নোহোৱাকৈ কেৱল পানীৰেই কঠিয়া পৰা এই ব্যৱস্থাটোৰ নাম “হাইড্ৰ ফনিক ছিষ্টেম”।
দেশজুৰি বলবৎ হৈ থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত যিটো সময়ত কৃষক ৰাইজে কৃষি কৰ্মৰ বাবেও নিজৰ পথাৰলৈ যাব পৰা নাই সেই সময়তে পথাৰলৈ নোযোৱাকৈয়ে, হাল-মৈ নোহোৱাকৈয়ে, আনকি মাটি পৰ্যন্ত নোহোৱাকৈয়ে ৰুলেন হাজৰিকাই নিজৰ ঘৰৰৰ বাৰান্দা, চোতালতে হাইড্ৰ’ফনিক ছিষ্টেমত ৭কেজি ধানৰ কঠিয়া পাৰিছে।এই কঠিয়া সমূহ তেওঁ বজাৰৰ পৰা পূৰ্বতে কিনি অনা কে’বাখনো ট্ৰে ,প্লাষ্টিকৰ চৰিয়া আৰু প্লাষ্টিকৰে নিজে তৈয়াৰ কৰি লোৱা কে’বাখনো বিশেষ ট্ৰেত সিচিছিল ।ইতিমধ্যে ধানৰ সেই কঠিয়া সমূহ পথাৰত ৰুৱ পৰা হৈছে আৰু  বহু কঠিয়া পথাৰত ৰুইছেও।আনহাতে এই ব্যৱস্থাৰে ধানৰ কঠিয়া পাৰিলে কৃষকে পথাৰলৈ যাৱ নালাগে, লগতে পথাৰত হাল মাৰি মাটিত পানী দি বোকা কৰি তাত ধান সিঁচি মৈ মাৰিবও নালাগে।
পথাৰত হাল-মৈ নোবোৱাকৈ, মাটি বোকা নিদিয়াকৈ ঘৰতে হাতত বোকা নলগোৱাকৈ”হাইড্ৰ’ফনিক ছিষ্টেম”ত ধানৰ কঠিয়া পৰাৰ কৌশল উদ্ভাৱন কৰা আদৰ্শ কৃষক ৰুলেন হাজৰিকাই আজি”দৈনিক অগ্ৰদূত”ক কয়,”মই মুকুতা খেতিৰ প্ৰশিক্ষণৰ বাবে বাংলাদেশলৈ গৈছিলোঁ।তাত মই হাইড্ৰ’ফনিক ছিষ্টেমত ধানৰ কঠিয়া পৰা দেখিছিলো।তাতেই মই এই বিশেষ পদ্ধতিটোৰ বিষয়ে শিকি আহো।কিন্তু আমাৰ ইয়াত তাক প্ৰয়োগ কৰা নাছিলো।কিন্তু লকডাউনৰ ফলত যেতিয়া আমি ঘৰতে আৱদ্ধ হৈ পৰো, যেতিয়া পথাৰলৈকো যাৱ নোৱাৰা হৈ পৰো ৷সম্প্ৰতি হাইড’ফনিক ব্যৱস্থাৰে কঠিয়া ধান ৰোৱাৰ উপযোগী কৰা পদ্ধতিক সকলোৱে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰিছে ৰুলেন হাজৰিকাই ।
Exit mobile version