কৃষি মন্ত্ৰী অতুল বৰাৰ গোৱালপাৰা, বৰপেটা, নলবাৰী জিলা পৰিদৰ্শন

IMG 20200420 WA0070
আজি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই দৰংগিৰিৰ কল খেতি পৰিদৰ্শন কৰে। মন্ত্ৰী অতুল বৰাই বিখ্যাত কল খেতিয়ক দেবব্ৰত ৰাভাৰ সৈতে আলোচনা কৰি পামহি  বজাৰত তেওঁলোকক কল বিক্রীৰ বাবে  মাটি প্ৰদান কৰিব বুলি কোৱাৰ লগতে উৎপাদিত কল বর্হি ৰাজ্যলৈ পঠিয়াবৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। ইয়াৰ পিছত গোৱালপাৰা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত উপস্থিত হৈ জিলা প্ৰশাসন আৰু বিভাগীয় বিষয়াসকলৰ সৈতে সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে বিতং আলোচনা কৰে মন্ত্ৰী বৰাই  ।
ইপিনে কৰ’না ভাইৰাছৰ তলাবন্ধৰ সময়ত গাখীৰৰ লগতে মাংস আৰু পাচলি যাতে ৰাইজে পোৱাত অসুবিধা নহয় প্ৰশাসনক তাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে কৃষিমন্ত্ৰী বৰাই।  আৰু  অতুল বৰাই বিভাগীয় কৰ্তৃপক্ষক কৃষি সা সঁজুলি, সাৰ, পশু দৰৱ , পশু খাদ্য আদিৰ যাতে অভাৱ নহয় তাৰ বাবে সম্পূৰ্ণ নজৰ ৰাখিবলৈ আহ্বান কৰাৰ লগতে আৰু পশু চিকিৎসক সকলক চিকিৎসালয়ত উপস্থিত থাকি জীৱ জন্তুৰ চিকিৎসা সেৱা আগবঢ়াই যাবৰ বাবে নিৰ্দেশ দিয়ে।
আনহাতে মন্ত্ৰী অতুল বৰাই বৰপেটা আৰু নলবাৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসন আৰু বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু জিলাখনৰ পৰিস্থিতিৰ বুজ লয়|ইয়াৰ উপৰিও সম্ভাব্য বানপানীৰ সময়ত যাতে খেতিয়ক, হাঁহ কুকুৰা পালক আৰু পশু পালক সকলে কোনো অসুবিধা নাপায় তাৰ বাবে আগতীয়া ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিয়ে। আৰু কিছু সংখ্যক প্ৰগতিশীল খেতিয়কৰ লগত মত বিনিময় কৰি চৰকাৰৰ ফালৰ পৰা সকলো সা সুবিধাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিক্রীৰ সু ব্যৱস্থাৰ আশ্বাস দিয়ে মন্ত্ৰী বৰাই।
Exit mobile version