কোৱাৰেণ্টাইনত থকা ছয় চিকিৎসকক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান

IMG 20200420 WA0004

এসপ্তাহ কৰ’না ৰোগীক চিকিৎসা প্ৰদান কৰি কোৱাৰেণ্টাইনত থকা ৰাজ্যৰ মুঠ ৪৩ জন চিকিৎসকৰ ছজনৰ ১৪ দিনৰ কোৱাৰেণ্টাইনৰ ম্যাদ দেওবাৰে অন্ত পৰাত সোমবাৰে নিজ নিজ গৃহলৈ যাবলৈ অনুমতি দিয়া হয় |

উল্লেখ্য যে, ৰাজ্যৰ মুঠ ৪৩ জন চিকিৎসকে ক’ভিড ১৯ ভাইৰাছৰ চিকিৎসা প্ৰদানৰ অন্তত ১৪ দিনৰ বাবে মহানগৰীৰ পঞ্চ তাৰকাযুক্ত হোটেল টাজ বিভান্টাত কোৱাৰেন্টাইন কৰিছিল স্বাস্থ্য বিভাগে । সোমবাৰে এই চিকিৎসক সকলৰ মাজৰ ছজনৰ ১৪ দিনীয়া কোৱাৰেন্টাইনৰ ম্যাদ শেষ হোৱাৰ পিছত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ঘৰলৈ প্ৰেৰণ কৰা হয়।

এই সংক্ৰান্তত মন্ত্ৰী ড০ শৰ্মাই কয়, “ক’ভিড-১৯ ৰোগীক চিকিৎসাৰ অন্তত গুৱাহাটীৰ তাজ ভিভান্টা হোটেলত আছুতীয়াকৈ ৰখা ৪৩ গৰাকী চিকিৎসক আৰু নাৰ্ছৰ ভিতৰৰ ছয় জনে আজি তেওঁলোকৰ নিৰ্ধাৰিত সময় সমাপ্তি হোৱাত হোটেল ত্যাগ কৰিবলৈ অনুমতি লাভ কৰিছে ৷ এই জটিল ক্ষণত জনসাধাৰণৰ স্বাস্থ্য-সুৰক্ষাত অহৰ্নিশে ব্যস্ত আমাৰ চিকিৎসক তথা নাৰ্ছ সকললৈ আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো তথা প্ৰণাম যাঁচিছো ৷”

Exit mobile version