তলাবন্ধত হাবি-জংঘলৰ শাক -পাত-কচু খাই জীৱন কটাইছে গোসাঁইগাঁৱৰ ২৩২ টা পৰিয়াল

IMG 20200420 WA0014
বিশ্ব জুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক ভাইৰাছ ক’ভিড-১৯ (কৰ’নাৰ) পৰা ৰক্ষা পাবলৈ দেশজুৰি চলিছে তলাবন্ধ। বৰ্তমানে দেশত তলাবন্ধৰ দ্বিতীয় পর্যায় চলি আছে ৷ আজি ২৭ দিন অতিবাহিত কৰিলে তলাবন্ধই।তলাবন্ধৰ ফলত কাম-কাজ বন্ধ হোৱাৰ ফলত প্ৰতিদিনে উপাৰ্জন কৰি খোৱা সকলে উপাৰ্জন হেৰুৱাই একপ্ৰকাৰ অনাহাৰে জীৱন অতিবাহিত কৰিছে । কৰ’নাৰ আতংক আৰু তলাবন্ধৰ ফলত সকলো লোক ঘৰত আৱদ্ধ হৈ পৰিছে ৷ অধিকাংশ পৰিয়ালত দেখা দিছে খাদ্য সংকট।
অভাৱে জুৰুলা কৰা এইসকল লোকৰ খাদ্যৰ নাটনি আৰু অভাৱ তৎকালীন ভাৱে দূৰ কৰিবলৈ চৰকাৰৰ উপৰি বিভিন্ন দল – সংগঠন, আৰু ব্যক্তি বিশেষে দাইল, নিমখ, তেল, আলু আদি কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি সহায়ৰ হাত আগবঢ়াইছে ৷ ইপিনে, চৰকাৰেও সুলভ মূল্যৰ দোকানীৰ জৰিয়তে বিনামূলীয়া চাউল দিয়াৰ উপৰি ৰেচন কাৰ্ড নথকা পৰিয়ালক এক কালীন এক হেজাৰ টকা অনুদান দিছে। তলাবন্ধৰ ফলত খাটিখোৱা সাধাৰণ লোক সকলৰ মাজত প্ৰয়োজনীয় খাদ্য সামগ্ৰী নথকাত পেটৰ ভোক দূৰ কৰাৰ বাবে একাংশ অভাৱগ্ৰস্ত লোকে বনৰ আলু, কচু, শাক পাচলি খাই জীৱন নিৰ্বাহ কৰিছে।
গোসাঁইগাঁৱৰ ২৩২ টা আদিবাসী পৰিয়ালে চৰকাৰী বা বেচৰকাৰীভাৱে কোনোধৰণৰ সহায় নাপাই জীৱন ৰক্ষাৰ্থে বনৰ কচু শাক পাত খাবলৈ বাধ্য হৈছে। উক্ত ২৩২ টা পৰিয়ালৰ মুঠ জনসংখ্যা হৈছে ১১৭৮ জন ।পৰিয়াল সমূহ খাদ্যৰ তীব্ৰ সংকটত ভুগিছে যদিও খবৰ নাই কোনো দল সংগঠনৰ। খবৰ নাই জিলা আৰু মহকুমা প্ৰশাসনৰ। ফলত পৰিয়াল সমূহৰ কণ-কণ শিশুবোৰৰ লগতে বৃদ্ধ- বৃদ্ধা সকলে অনাহাৰে কটাইছে। যি সময়ত অসমৰ গাঁৱে ভূঞে সমাজৰ  চিন্তাশীল ব্যক্তি- সংগঠন তথা চৰকাৰে কৰ’না ভাইৰাছৰ সময়ত সহায় কৰিবলৈ বিভিন্ন ব্যৱস্থা হাতত লৈছে যদিও এই ব্যৱস্থাই ঢুকি পোৱা নাই  গোসাঁই গাঁৱৰ এইসকল লোকক ৷
Exit mobile version