বৰপেটা সত্ৰৰ দালানত সাত বহাগৰ নামৰ পৰিৱৰ্তে বন্তি প্ৰজ্বলনেৰে ধৰ্মীয় পৰম্পৰা ৰক্ষা

IMG 20200420 WA0019
কোভিড ১৯ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ জুৰি  আহ্বান জনোৱা তলাবন্ধৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাই বৰপেটা সত্ৰৰ দালানৰ সন্মুখত বিগত বৰ্ষৰ  পৰা পৰম্পৰাগত ভাৱে চলি অহা সাত বহাগৰ নাম স্থগিত ৰখা হৈছে ৷ পৰম্পৰা অনুসাৰে আজি বিয়লি দালানৰ সন্মুখত সাত বহাগৰ নাম অনুষ্ঠিত হ’ব লাগিছিল যদিও তলাবন্ধৰ বাবে স্থগিত ৰখাত  তিনিওটা নামখোলাৰ স্থানত থূল তিনি হাটীৰ ভড়ালী মজুমদাৰৰ উপস্থিতিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ট দেৱ শৰ্মাই  তিনি গছি বন্তি প্ৰজ্বন কৰি ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰে ৷
থূল দক্ষিণহাটীৰ নামখোলাত ভড়ালী সত্যৰঞ্জন দাস আৰু মজুমদাৰ প্ৰাণজিৎ দাস , থূল নহাটীৰ নামখোলাত ভড়ালী কিৰণ চন্দ্ৰ খাটনিয়াৰ ,মজুমদাৰ প্ৰাণজিৎ কুমাৰ দাস আৰু থূল উত্তৰহাটীৰ নামখোলাত ভড়ালী মতিলাল পাঠক আৰু মজুমদাৰ মহানন্দ পাঠকে  বুঢ়াসত্ৰীয়াই প্ৰজ্বলন কৰাৰ পিছত সেৱা লয় ৷ সামাজিক দূৰত্ব বজাই ৰাখি  মঠৰ চোতালত প্ৰাৰ্থনা ঘোষা লগাই দিয়ে সত্ৰৰ বুঢ়াসত্ৰীয়াই ৷ শেষত সত্ৰৰ বৰবাহাৰ বুঢ়াভকত হেমেন আতৈ বুঢ়াভকতে অপৰাধ মাগে আৰু সত্ৰীয়াই বৰপেটা সত্ৰৰ ২২ খন হাটীক প্ৰতিনিধিত্ব কৰা ভড়াল মজুমদাৰ সমন্বিতে ভকতকেইজনক বুঢ়াসত্ৰীয়াই  আশীৰ্বাদ প্ৰদান কৰে ৷
ADVERTISEMENT
Exit mobile version