State Home Dept. Report:
ঘোষিত অনুপ্রৱেশকাৰীক নিজ দেশলৈ ঘূৰাই পঠিয়াবলৈ উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিলেও ইয়াক কার্যকৰী ৰূপ দিয়াত ব্যর্থ হৈছে অসম চৰকাৰ। সংশ্লিষ্ট দেশৰ সিদ্ধান্তৰ ওপৰতহে ই নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰিয়ে ৰাজ্য চৰকাৰে বিষয়টোৰ পৰা মুৰ পোলোকা দিছে। ফলস্বৰূপে ঘোষিত বিদেশী নাগৰিকক অসম চৰকাৰে লাখ লাখ টকা ব্যয় কৰি পোহপাল দি থাকিবলগীয়া হৈছে।
স্বাভাৱিকতে এনে অনুপ্ৰৱেশকাৰীৰ সিংহভাগেই হৈছে বাংলাদেশৰ। তেওঁলোকক ৰখা হৈছে গোৱালপাৰাৰ মাটিয়াত স্থাপন কৰা ট্রেনজিত শিবিৰত। যোৱা ২৪ ফেব্ৰুৱাৰী পর্যন্ত এই শিবিৰত থকা তেনে বিদেশীৰ সংখ্যা হ’ল ২৫৮ জন। সোমবাৰে অসম বিধানসভাত গৃহ বিভাগে দাখিল কৰা তথ্য অনুসৰি, এইসকল বিদেশীক পোহপাল দিয়াৰ বাবদ বছৰি কমেও ৬০ লাখকৈ টকা ব্যয় হয়। এই অনুপ্ৰৱেশকাৰীসকলক কেতিয়ালৈ ঘূৰাই পঠিওৱা হ’ব সেয়াও চৰম অনিশ্চয়তাৰ গৰাহত। এই সন্দৰ্ভত গৃহ বিভাগে সদৰী কৰে যে সংশ্লিষ্ট দেশৰ দূতাবাসৰ পৰা ট্রেনজিত পাছ লাভ কৰাৰ পাছতহে শিবিৰত থকা অনুপ্ৰৱেশকাৰীসকলক বিতাড়ন কৰা হ’ব। কিন্তু এয়া যে মুখৰ কথা নহয়, সেইটোও সঁচা।
ইপিনে, ট্রেনজিত শিবিৰত থকা অনুপ্ৰৱেশকাৰী সকলৰ বিপৰীতে আন বৃহৎ সংখ্যক সম্প্রতি পলাতক। ৰাজ্যৰ গৃহ বিভাগৰ তথ্য অনুসৰি, অদ্যাপি পলাতক হৈ থকা ঘোষিত অনুপ্ৰৱেশকাৰীৰ সংখ্যা হ’ল ৮৫,০২৪ জন। প্রসংগক্রমে উল্লেখ্য যে অসমলৈ ধাৰাবাহিকভাৱে প্রধানকৈ বাংলাদেশৰ পৰা অনুপ্ৰৱেশ অব্যাহত আছে। চৰকাৰে অনুপ্রৱেশকাৰীক বাধা দিবলৈ যিবোৰ ব্যৱস্থাৰ কথা কৈ আহিছে সেইবোৰ কেৱল ঘোষণাতে সীমাবদ্ধ হৈ আছে। ফলস্বৰূপে বিগত বর্ষত বাংলাদেশত যি অস্থিৰ পৰিস্থিতিৰ সূচনা হয়, তাৰ পাছত অনুপ্ৰৱেশৰ মাত্ৰা অধিক বৃদ্ধিহে হৈছে। তেনে অনুপ্ৰৱেশকাৰীৰ কিছুসংখ্যকহে ধৰা পৰিছে। ধৰা নপৰাকৈ কিমানে অনুপ্ৰৱেশ কৰিবলৈ সক্ষম হৈছে তাৰ সীমা সংখ্যা নাই। ধৰা নপৰা অনুপ্ৰৱেশকাৰীক লৈ স্বয়ং মুখ্যমন্ত্রীয়ে ইতিমধ্যে উদ্বেগ প্রকাশ কৰি থৈছে।
ইয়াৰ মাজতে আজিও শ্রীভূমিৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চাৰিজন অনুপ্ৰৱেশকাৰীক আৰক্ষীয়ে আটক কৰে। লোককেইজন হ’ল ৰফিকুল কালাম, মুস্কান, আব্দুল ৰহমান আৰু আকতাৰ হুছেইন। অৱশ্যে আটক কৰাৰ পাছত চাৰিও জনক ভাৰতৰ সীমাৰ বাহিৰলৈ উলিয়াই দিয়া হয়।
গৃহ বিভাগৰ তথ্যত প্রকাশ যে বিগত ২০১৬ত ৰাজ্যত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ পাছত অনুপ্ৰৱেশৰ অভিযোগত ৯১০ জন লোকক কৰায়ত্ত কৰা হয়। তাৰে ৩০৩ জনক বিতাড়ন কৰা হৈছে। কৰায়ত্ত লোকৰ ভিতৰত আছে বাংলাদেশৰ সৰ্বাধিক ৬৫৭ জন লোক। ম্যানমাৰৰ ২২৩ জন অনুপ্ৰৱেশকাৰীক আটক কৰা হয়। ১১ জন অনুপ্রৱেশকাৰী হ’ল নাইজেৰিয়াৰ, দুজন ইউক্রেইনৰ আৰু এজনকৈ লোক হ’ল পাকিস্তান, উগান্ডা, কেনিয়া আৰু ছেনেগালৰ। পাকিস্তান, উগাণ্ডা, নাইজেৰিয়া, ইউক্রেইন আৰু কেনিয়াৰ আটাইকেইজনকে তেওঁলোকৰ দেশলৈ বিতাড়ন কৰা হৈছে।
ম্যানমাৰৰ বিতাড়িত লোকৰ সংখ্যা হ’ল ৩০ জন। বাংলাদেশৰ বিতাড়িতৰ সংখ্যা হ’ল ২৫৭ জন। বাংলাদেশৰ অনুপ্ৰৱেশকাৰীৰ অধিকাংশক ‘পুস্ববেক’ কৰা হয়। কিয়নো দেশখনে কোনো দিনে স্বীকাৰ কৰা নাই যে বাংলাদেশৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰি আহিছে। ইয়াৰ ফলতে মাটিয়াত স্থাপন কৰা ট্রেনজিত শিবিৰটোৰ আৱাসীৰ সংখ্যাও বৃদ্ধি হৈছে। সেইসকলক পোহপাল দিয়াৰ বাবদ বছৰি ব্যয় হৈছে ৰাজকোষৰ লাখ লাখ টকা।
বাংলাদেশৰ পৰা অনুপ্রবেশ বন্ধ কৰাৰ বাবে সীমান্ত অঞ্চল ছীল কৰাৰ ঘোষণাহে কৰি অহা হৈছে। বাস্তৱত ইয়াৰ কাৰ্যকৰী ৰূপ আজিলৈকে হোৱা নাই। আনকি সীমান্তৰ বৃহৎ অঞ্চল আজিও উন্মুক্ত হৈ আছে। বাংলাদেশৰ সীমান্তৰ লগত অসমৰ চাৰিখন জিলা সংলগ্ন হৈ আছে। এই সীমান্তৰ দৈর্ঘ্য হ’ল ২৯১.৯৫৯ কিলোমিটাৰ। ইয়াৰে কাঁটাতাঁৰ থকা সীমান্তৰ দৈর্ঘ্য হ’ল ২২৫.৭৭৫ কিলোমিটাৰ। অদ্যাপি উন্মুক্ত হৈ থকা সীমান্তৰ দৈর্ঘ্য হ’ল ৬৬.১৮৪ কিলোমিটাৰ। ধুবুৰীৰ ৯০.৭৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ উন্মুক্ত অংশৰ দৈর্ঘ্য হ’ল ৪১.৯৯ কিলোমিটাৰ। দক্ষিণ শালমাৰা-মানকাচৰৰ কাঁটাতাঁৰ নথকা অংশৰ দৈর্ঘ্য হ’ল ২০.৬৯৪ কিলোমিটাৰ। শ্রীভূমি জিলাৰ কাঁটাতাঁৰবিহীন সীমান্তৰ দৈর্ঘ্য হ’ল ৩.৫ কিলোমিটাৰ। উল্লেখ্য যে অনুপ্রৱেশক লৈ অসম বিধানসভাত কে’বাজনো বিধায়কে প্রশ্ন উত্থাপন কৰে।






























