ভূৰাগাঁৱৰ ইমাম সংক্ৰমিত হোৱাৰ উৎস বিচাৰি হাহাকাৰ প্ৰশাসনৰ

Tablighi
মৰিগাঁৱৰ ভুৰাগাঁও মছজিদৰ ইমাম তথা টেঙাগুৰি গাঁৱৰ বাসিন্দা ছামছুল আলম ক’ভিড১৯ ত আক্ৰান্ত হোৱাৰ বাতৰিয়ে জিলাখনৰ সমগ্ৰ উত্তৰ পশ্চিম অঞ্চলত আতংকৰ সৃষ্টি কৰিছে ৷কাৰণ ধৰ্মীয় দিশেৰে আলম জিলাৰ এজন প্ৰভাৱশালী ব্যক্তি৷তদুপৰি তেওঁ ইমাম হোৱাৰ উপৰিও মৰিগাঁও জিলা মছজিদ মাৰ্কাজ সমিতিৰ সভাপতি  আৰু অসম তবলিগি জামাত সমিতিৰো এজন শীৰ্ষ বিষয়ববীয়া ৷সেই সূত্ৰে তেওঁৰ লগত যথেষ্ট লোকৰ সম্পৰ্ক আছে ৷
অৱশ্যে তেওঁ ক’ৰ পৰা কি দৰে এই ভাইৰাছত আক্ৰান্ত হ’ল সেই তথ্য এই পৰ্যন্ত পোহৰলৈ অহা নাই। সেয়েহে তেওঁ আক্ৰান্ত হোৱাৰ যোগসূত্ৰ বিচাৰি জিলা প্ৰশাসনে ব্যাপক অনুসন্ধান অব্যাহত ৰাখিছে ।উল্লেখযোগ্য যে যোৱা ১২ মাৰ্চত তেওঁ নিজামুদ্দিনৰ পৰা ভুৰাগাঁৱলৈ আহিছিল ৷তেওঁ জামাতত অংশ লোৱা নাছিল যদিও অসমৰ পৰা যোৱা লোকসকলৰ তাত থকা আৰু অংশ লোৱাৰ ব্যৱস্থা কৰি দিছিল। সেই উদ্দেশ্য আলম দিল্লীলৈ গৈছিল ।তাৰ পাছত ১২ মাৰ্চত ভুৰাগাঁৱলৈ গৈছিল ৷
১৩ মাৰ্চত আলমে ভুৰাগাঁও মছজিদত জুম্মাৰ নামাজত ভাগ লৈছিল ৷যিহেতু তেওঁ এই  মছজিদটোৰ ইমাম আছিল সেয়েহে অজস্ৰ লোকৰ সংস্পৰ্শলৈ আহিছিল ৷ কিন্তু আলমৰ এই সমগ্ৰ ঘটনা ৩১ মাৰ্চতহে পোহৰলৈ আহে ।সেইদিনাই তেওঁ স্থানীয় চিকিৎসালয়লৈ গৈ নিজামুদ্দিনলৈ যোৱাৰ কথা অৱগত কৰায় ৷তেতিয়া তেওঁক চিকিৎসকে ঘৰত আছুতীয়াকৈ থকাৰ নিৰ্দেশ দিয়ে ।অৱশ্যে পিছদিনা তেওঁক স্বাস্থ্য বিভাগৰ দলে ঘৰৰ পৰা নি লাহৰীঘাটৰ কোৱাৰেন্টাইন কেন্দ্ৰত ভৰ্তি কৰায় ।
লক্ষ্যণীয়ভাৱে ক’ভিড১৯ ৰ প্ৰথম পৰীক্ষাটোত আলমৰ ফলাফল নিগেটিভ আহে ৷কিন্তু ১৪ দিনৰ পাছত কৰা পৰীক্ষাটোতো তেওঁ ভাইৰাছত আক্ৰান্ত হোৱা বুলি প্ৰমাণিত হয় । লগতে তেওঁৰ লগতে কোৱাৰেন্টাইনত থকা তিনিজন লোকো কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি প্ৰমাণিত হৈছে ৷ইমাম আলম ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতে ভুৰাগাঁৱৰ বহুলোকে স্বইচ্ছাই হোম কোৱাৰেন্টাইনত থাকিবলৈ লৈছে ৷অৱশ্যে একাংশ লোকে আলমৰ সংস্পৰ্শলৈ অহাৰ কথা লুকুওৱাৰো আশংকা কৰা হৈছে ।ইপিনে মৰিগাঁও জিলাৰ সীমান্ত নগাঁও জিলা প্ৰশাসনে ছীল কৰা বুলি প্ৰচাৰিত এক বাতৰি আজি মৰিগাঁও জিলা প্ৰশাসনে নাকছ কৰে ।
Exit mobile version